মঙলদৈত উপস্থিত হল “অলিম্পিক শিখা”

26

মঙলদৈত উপস্থিত হল “অলিম্পিক শিখা”

মঙলদৈৰ পৰা প্ৰাঞ্জল কুমাৰ শৰ্মা , ২১ জুলাইঃ অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰে গ্ৰামাঞ্চলৰ পৰা প্ৰতিভাৱান ক্ৰীড়াবিদসকলক উলিয়াই অনাৰ প্ৰচেষ্টাত ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত গ্ৰামাঞ্চলৰ প্ৰভাৱশালী ক্ৰীড়াবিদসকলৰ বাবে “অসম যুৱ অলিম্পিক ২০২২” অনুষ্ঠিত হ’ব।  সেই উপলক্ষে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হীৰেন গগৈৰ নেতৃত্বত ধেমাজিৰ পৰা গুৱাহাটীলৈ “Torch Relay”ৰ আয়োজন কৰা হৈছে । আজি “অলিম্পিক জ্যোতি” মঙলদৈ ক্ৰীড়া কেন্দ্ৰত উপস্থিত হৈ “অলিম্পিক শিখা” গ্ৰহণ কৰাৰ পিছত “অলিম্পিক শিখা” কঢ়িয়াই অনা দলটোক মঙলদৈ ক্ৰীড়া সংস্থাই সম্বৰ্ধনা জনায় । মঙলদৈ ক্ৰীড়া সংস্থাৰ সভাপতি তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস, উপ-সভাপতি প্ৰতাপ বৰদলৈ, সম্পাদক অনুপম ডেকা আদি সদস্যসকল উপস্থিত থাকে ।