মডেলিঙৰে আকাশ চুব খোজা  জামুগুৰিহাটৰ ৰঙাচকুৱাৰ চিবাংগী ভূঞাৰ সাফল্য 

35
 মডেলিঙৰে আকাশ চুব খোজা  জামুগুৰিহাটৰ ৰঙাচকুৱাৰ চিবাংগী ভূঞাৰ সাফল্য
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২ আগষ্ট: এগৰাকি আঠ বছৰীয়া কনমানী ছোৱালী । ছোৱালী গৰাকীৰ নাম চিবাংগী ভূঞা । শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাৰ কনমানী চিবাংগীয়ে সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহি আছিল । প্ৰতিভাসম্পন্ন কন্যা পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ মঞ্চত মডেলিঙ প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০২২ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা চিবাংগী হৈছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাৰ সু-কন্যা । আঠ বছৰীয়া চিবাংগীয়ে মডেলিঙৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ কেতেকীবাৰীস্থিত মোহিনী বিবাহ ভৱনত মিষ্টাৰ, মিচেছ, মিছ, টিনচ, কিডছৰ তেজপুৰ আসাম ২০২২ চিজন ওৱানৰ মঞ্চত এম পি ইচকোৱাৰে আয়োজন কৰা এখন সৌন্দৰ্য্য প্ৰতিযোগিতাৰ লগতে স্পাৰ্ক এণ্ড উৎখাৰ উদ্যোগত অনুষ্ঠিত কৰা মিষ্টাৰ এণ্ড মিচেছ গ্লেম ২০২২ ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । চিবাংগী এগৰাকী কনমানী ছোৱালী হৈয়ো তাইৰ মৰমলগা মাত আৰু হাঁহিয়ে সকলোৰে মন জয় কৰাৰ লগতে এনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে বহুত শলাগ লয় । উক্ত বঁটাত এখন প্ৰশংসা পত্ৰৰ লগতে এটা ৰূপৰ মুকুটৰে উস্ম আদৰণি জনায় বহু উৎসাহ যোগোৱা পৰিলক্ষিত হয় ।