মনিয়েৰিস্থিত সুধাকণ্ঠ একাডেমী এক্সেলেন্সীৰ বাকৰিত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ

23

মনিয়েৰিস্থিত সুধাকণ্ঠ একাডেমী এক্সেলেন্সীৰ বাকৰিত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৯ জুলাই : সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম দিৱস উপলক্ষে কালি বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে চাংসাৰিৰ সমীপৱৰ্তী মনিয়েৰিস্থিত সুধাকণ্ঠ একাডেমী এক্সেলেন্সীত এক বৰ্ণাঢ্য অনুষ্ঠানৰ লগতে সাহিত্য  প্ৰতিযোগীতা অনুষ্ঠিত হৈ যায়। সুধাকণ্ঠ একাডেমীক এক্সেলেন্সী শৈক্ষিক ন্যাসৰ ফালৰ পৰা এই অনুষ্ঠানৰ উদ্যোগ লোৱা হয়। ন্যাসৰ পৰিচালন সঞ্চালক তথা পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহঃ অধ্যাপক শ্বেখ আব্দুল হামিদে সঞ্চালনা কৰা এই অনুষ্ঠানটোত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনা কমলপুৰ জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা মিনতি ভট্ট আৰু পূব বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহঃ অধ্যাপক কাৰ্তিক পাঠকে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু কবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। প্ৰৱল বৰষুণকো নেওচি উক্ত প্ৰতিযোগিতাত প্ৰায় পোন্ধৰখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে উত্তৰ গুৱাহাটী আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক চৈয়দ আব্দুৰ ৰচিদ চৌধুৰীয়ে। কালিৰ কুইজ প্ৰতিযোগিতাত কনিহা ইছতঘৰিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ  মনজিষ্ঠা কুমাৰ আৰু ধীৰাজ কৌশিক কুইজৰ শ্ৰেষ্ঠ দল হিচাপে বিজয়ী হোৱাৰ উপৰিও শংকৰদেৱ শিশু নিকেতন বোৰ্কাৰ কুঁহি কাকতি আৰু চায়ামনি শৰ্মা ই দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিজয়ী হয়। একেদৰে কবিতা আবৃত্তি প্ৰতিযোগিতাত বোৰ্কা বাৰেগাঁওস্থিত সমন্নয় চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ৩য় শ্ৰেণীৰ ছাত্ৰী ভাস্বতী শাণ্ডিল্য প্ৰথম স্থান দখল কৰাৰ উপৰিও জলাহস্থিত স্বৰাজ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ফ্ল’ৰা নাচৰিন চৌধুৰী আৰু বোৰ্কাস্থিত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মৃদুস্মিতা শৰ্মাই যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰে। মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ নুৰ ইছলাম শইকীয়া, পূব বংশৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ প্ৰণীতা বৈশ্য, সুধাকণ্ঠ একাডেমীক এক্সেলেন্সীৰ পৃষ্ঠপোষক ধৰ্মেশ্বৰ কলিতা আৰু বিশিষ্ট সমাজকৰ্মী দেবেন কলিতাই ই কবি হীৰেন ভট্টাচাৰ্যৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰি উৎসাহিত কৰে। অনুষ্ঠানত সহঃ অধ্যাপক শ্বেখ আব্দুল হামিদে সাৱলীল ভাষন ৰখাৰ উপৰিও অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ বাবে আৰু অধিক পৰ্যায়ত শৈক্ষিক কাৰ্যসূচী হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে ।