মাজুলীত লোক কল্যাণ দিৱস আৰু কৃষক মেলাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষি মন্ত্ৰী অতুল বৰা : যোৱা ছটা বছৰত নতুন প্ৰজন্মই কৃষি খণ্ডৰ লগত জড়িত হোৱাটো আমাৰ বাবে বিশেষ সফলতা , গোপীনাথ বৰদলৈৰ মৃত্যু তিথিতো কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদক সমালোচনা

23
মাজুলীত লোক কল্যাণ দিৱস আৰু কৃষক মেলাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষি মন্ত্ৰী অতুল বৰা : যোৱা ছটা বছৰত নতুন প্ৰজন্মই কৃষি খণ্ডৰ লগত জড়িত হোৱাটো আমাৰ বাবে বিশেষ সফলতা , গোপীনাথ বৰদলৈৰ মৃত্যু তিথিতো কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদক সমালোচনা
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ৫ আগষ্ট : অসমৰ শ্ৰেষ্ঠ সন্তান সকলৰ ভিতৰত ভাৰত ৰত্ন , লোকপ্ৰীয় গোপীনাথ বৰদলৈ অন্যতম । স্বদেহ প্ৰেম , মাতৃ ভূমিৰ প্ৰতি দায়বদ্ধতা কি তেওঁ শিকাই গ’ল । দেশৰ স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে স্বদেশ আৰু স্বজাতিৰ হকে আগবঢ়াই যোৱা অনবদ্য অৱদান প্ৰতিটো প্ৰজন্মই শ্ৰদ্ধাৰে স্মৰণ কৰি যাব-আজি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা ‘লোক কল্যাণ দিৱস’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ কৃষি , অসম চুক্তি ইত্যাদি দপ্তৰৰ মন্ত্ৰী অতুল বৰাই এনেদৰে কয় । মাধৱদেৱৰ কৃষ্টি সংঘ খনাচুকত আয়োজন কৰা অনুষ্ঠানতে ৰাজ্যৰ কৃষি খণ্ড সন্দৰ্ভত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে-মাজুলীক আমি অৰ্গেনিক হাৱ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ । যোৱাবাৰ মাজুলীত আহি সৰিয়হৰ খেতি পৰিদৰ্শন কৰি মই মাজুলীত অধিক হাৰত যাতে সৰিয়হ খেতি কৰাৰ বাবে কৃষকক উৎসাহিত কৰি আচনি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলো । কিন্তু এইবাৰ আহি জিলা প্ৰশাসনে ‘হালধীয়া মাজুলী’ শীৰ্ষক এক বিশেষ আচনি গ্ৰহণ কৰি আগন্তুক সময়ত ব্যাপক হাৰত সৰিয়হ খেতিৰ বাবে আগবঢ়া কাৰ্য্যত সন্তোষ পাইছোঁ বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । সেইদৰে ‘আমাৰ মাজুলী আমাৰ গাওঁ’ ‘আমাৰ মাজুলী’ , ‘হালধীয়া মাজুলী’, ‘মৰম মাজুলী’ ইত্যাদি আচনিৰ যোগেদি দায়বদ্ধতাৰে মাজুলীৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত কাম কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে প্ৰশাসনৰ সলাগ লয় । মন্ত্ৰী গৰাকীয়ে কৃষি বিভাগৰ আচনি সমূহৰ কথা কবলৈ গৈ কয় যে-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ বাবে ২০২২ ক লক্ষ্য হিচাপে লৈ কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰাৰ লগতে বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰেও কৃষকৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি “প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি” আঁচনিখনৰ সুবিধা কৃষকে লাভ কৰি কৃষি ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় হৈছে । মাজুলীৰ কৃষকেও কিষাণ সন্মান নিধিৰ জড়িয়তে প্ৰায় ১ কোটি ৫০ লাখ টকাৰ ধন লাভ কৰিছে । মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই লক্ষ্যত উপনীত হোৱাত কৃষি আৰু আনুষংগিক খণ্ডই বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে । যোৱা ছটা বছৰত নতুন প্ৰজন্মই কৃষি খণ্ডৰ লগত জড়িত হোৱাটো আমাৰ বাবে বিশেষ সফলতা বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ সফল কাৰ্যকৰীকৰণৰ বাবেও ৰাইজক আহ্বান জনায় । ইফালে , আজি মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ সময়ত মাজুলীত কংগ্ৰেছে কৰা প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে- আজি কংগ্ৰেছক ধন্য কৰি যোৱা গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ দিনাও কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক কথা । অনাগত দিনত ৰাইজে কংগ্ৰেছক তেনে ধৰনেই লব বুলি মন্তব্য কৰে । ইফালে , তৃতীয় মানৰ পৰা গনিত আৰু বিজ্ঞানত ইংৰাজী ভাষা ব্যৱহাৰ কৰা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে-দুটা বিষয়ৰ সালসলনিয়ে অসমীয়া ভাষালৈ সংকট নানে । অসমীয়া জাতি যেতিয়ালৈকে থাকিব অসমীয়া ভাষা তেতিয়ালৈকে থাকিব । দুটা এটা ইংৰাজী শিকা মানে অসমীয়া ভাষাৰ অপমৃত্যু নঘটে । কিছুমানৰ কথাত বিভ্ৰান্ত নহৈ চৰকাৰৰ উক্ত ইতিবাচক সিদ্ধান্তক সকলোৱে সহযোগিতা আগবঢ়াব লাগে বুলি উল্লেখ কৰে । প্ৰথমে মন্ত্ৰী গৰাকীয়ে মাধৱদেৱৰ কৃষ্টি সংঘ খনাচুকতে যোৱাকালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা কৃষক মেলাৰ বিভিন্ন বিপনী সমূহৰ পৰিদৰ্শন কৰে । ইয়াৰ পিছতে গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত প্ৰথমে বন্তি প্ৰজ্বলন কৰি মন্ত্ৰী গৰাকীয়ে বিশেষ ভাৱে সক্ষম মাজুলীৰ ১৫ শিশুক একোটাকৈ উপহাৰ প্ৰদান কৰে । ইয়াৰ পিছতে জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মাজুলীৰ উপায়ুক্ত পুলক মহন্তই । ইয়াৰ পিছতে মাজুলীৰ বিধায়ক ভুৱন গামে লোকপ্ৰীয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰি কয় যে- কৃষি ক্ষেত্ৰত বৰ্তমান মাজুলী তেনেধৰণে আগবঢ়া নাই‌ । পূৰ্বৰ মাজুলীত কৃষি ক্ষেত্ৰত আগবঢ়া আছিল । পুনৰ সেই পৰিৱেশ ঘূৰাই আনিবলৈ কৃষি ক্ষেত্ৰত নতুন প্ৰজন্মই আত্ম নিয়োগ কৰিবলৈ ওলাই আহিব লাগিব বুলি উল্লেখ কৰে । ইয়াৰ পিছতে এইবাৰ ৰাজ্যৰ লোক সেৱা বঁটাৰ ৮৯ গৰাকী কৰ্মচাৰীৰ ভিতৰত মাজুলীৰো ২ গৰাকী কৰ্মচাৰীয়ে লোকসেৱা বঁটা লাভ কৰে । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ খালাচী মনি ৰাম শইকীয়া , উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিৰেন বৰাক সভাতে মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে । সভাত মাজুলী জিলাৰ স্বাস্থ্যৱান শিশু ক্ৰমে যদুমনি চিন্তে , গৌতম বৰা , কৃষ্ণ গাম , আয়ুস দে , কৃষ্ণ কান্ত বৰাক বিশেষ ভাৱে পুৰস্কৃত কৰা হয় । ইয়াৰ উপৰিও ৬ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক খাদী সাজপাৰ মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰে । ইফালে , আশা কৰ্মী সন্মান ৰিজু দাসক ,
কৃষক সন্মান বৰুন শইকীয়াক , মীন পালকৰ সন্মান প্ৰাঞ্জল প্ৰতীম বৰাক , শিপিনী সন্মান পঞ্চমী টায়েক প্ৰদান কৰে । হৰঘৰ ত্ৰিৰংগা চিত্ৰাংকণ প্ৰতিযোগিতাৰ স্থান প্ৰাপক সকলক সভাতে পুৰস্কাৰ প্ৰদান কৰে । আনহাতে , ১৩ এপ্ৰিলত ব্ৰহ্মপুত্ৰত নিশা আৱদ্ধ হোৱা এখন চিংগল ফেৰীৰ পৰা যাত্ৰীক উদ্ধাৰত নিয়োজিত আভ্যন্তৰীণ জল পৰিবহনৰ চাৰিগৰাকী কৰ্মচাৰীকো সম্বৰ্ধনা জনায় । সভাত তিনিগৰাকী হিতাধীকাৰীকো পিঠাগুৰি খুন্দা মেচিন প্ৰদান কৰে । সভাত আৰক্ষী অধীক্ষক গৌতম বৰা , মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া , সমাজকৰ্মী দীপক গোস্বামী , ফনীধৰ টাহু , ৰঞ্জিত দলে , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী দিতিমনি পেগুকে আদি কৰি জিলা প্ৰশাসন তথা জিলা কৃষি বিভাগৰ বিষয়া ইচাৰ্ড আলি আৰু কৰ্মচাৰী সকল উপস্থিত থাকে ।