মাজুলীৰ বিধায়ক ভুবন গামৰ উদ্যোগত অনুপ্ৰেৰণামূলক কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

78
মাজুলীৰ বিধায়ক ভুবন গামৰ উদ্যোগত অনুপ্ৰেৰণামূলক কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন , কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী শিল্পা খনিকৰৰ সৈতে মাজুলীৰ ছাত্র ছাত্ৰীৰ  মত-বিনিময় , ৩৫০ জন কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ১৪ জুলাইঃ ৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভুবন গামৰ উদ্যোগত আজি মাজুলীৰ কৃতী, মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক উষ্ম সম্বৰ্ধনা জনোৱা হয় । চলিত বৰ্ষত মাজুলী জিলাৰ পৰা  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰৰ ওপৰত নম্বৰ লাভ কৰা ৩৫০ জন মেধাৱী ছাত্র-ছাত্ৰীক আজি কমলাবাৰীৰ মাজুলী মিলন সংঘত বিধায়ক ভুবন গামে সম্বৰ্ধনা জনায় । এই উপলক্ষে আজি দুপৰীয়া মিলন সংঘত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । মাজুলী মহাবিদ্যালয়ৰ  অধ্যক্ষ ড০ দেৱজিত শইকীয়াই পৌৰোহিত্য কৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আঁত ধৰে যুৱ সমাজ কৰ্মী প্ৰতাপ  বৰুৱাই । মাজুলীৰ বিধায়ক ভুবন গামে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ, মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম  বৰা, যোৰহাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ শুভলক্ষ্মী ৰাজকুমাৰী , বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়াই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । মাজুলীৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ আটাইতকৈ আকৰ্ষণীয় দিশ আছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ “অসামৰিক সেৱা পৰীক্ষা-২০২১”ত ৫০৬ স্থানপ্ৰাপক , গুৱাহাটীৰ বাসিন্দা শিল্পা খনিকৰৰ সৈতে ছাত্ৰ ছাত্ৰীৰ মত-বিনিময় । দেশৰ মেধাৱী ছাত্রী শিল্পা খনিকৰে প্ৰথমে তেওঁৰ শৈক্ষিক জীৱনৰ সৱিশেষ ব্যাখ্যা দাঙি ধৰি তেওঁৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা ইউ পি এছ চি’ৰ স্থান লাভ কৰালৈকে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । সভাত শিল্পা খনিকৰে মাজুলীৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগত দীৰ্ঘ সময় মত বিনিময় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত তথ্য প্ৰদান কৰে আৰু অসমৰ ছাত্র – ছাত্ৰীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতাৰ বিভিন্ন কৌশল ছাত্র-ছাত্ৰীক অৱগত কৰে । ইউ পি এছ চি’ৰ স্থানপ্ৰাপক শিল্পা খনিকৰক কাষতে পাই মাজুলীৰ ছাত্র-ছাত্ৰীসকল আপ্লুত হৈ পৰে । উক্ত , সম্বৰ্ধনা অনুষ্ঠানত মাজুলীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলে অধ্যায়ন কৰা বিদ্যালয়সমূহৰ মুৰব্বী সকলোকে বিধায়ক ভুবন গামে সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ  ড০ নৱ কুমাৰ গাম, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱা, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী  পাপু দত্তহাজৰিকা , মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ আনন্দ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ভূপেন ভূঞা, নৃপেন কমান, কিশোৰ গাম আদিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিধায়ক ভুবন গামে ।