মাজুলীৰ বিষ্ণুজ্যোতি সংগীত একাডেমিৰ অভিভাৱক সন্মিলন , গীতে -মাতে মুখৰ অভয়পুৰীয়া 

45
মাজুলীৰ বিষ্ণুজ্যোতি সংগীত একাডেমিৰ অভিভাৱক সন্মিলন , গীতে -মাতে মুখৰ অভয়পুৰীয়া
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ২৯ জুলাই : উজনী মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত সাংস্কৃতিক পৰিৱেশ গঢ়ি নতুন প্ৰজন্মক সংগীতৰ ক্ষেত্ৰ খনত আগুৱাই নিয়াৰ মানসেৰে স্থাপিত ২০০৫ চনত স্থাপন হোৱা বিষ্ণু জ্যোতি সংগীত একাডেমীৰ অভিভাৱক সন্মিলন ২৩ জুলাইত অভয়পুৰীয়া গাওঁস্থিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ সামূহিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ১৮ বছৰ অতিক্ৰম কৰা পিছত অনুষ্ঠিত হ’ল অভিভাৱক সন্মিলন । কাৰ্যসূচী অনুসৰি , পুৱা ৭-৩০ বজাত পৰোৱেশ নিকাকৰণ । পুৱা ৮ বজাত গছপুলি ৰোপনৰ পিছতেই পুৱা ৮-৩০ বজাত বিষ্ণুজ্যোতি সংগীত একাডেমীৰ পতাকা উত্তোলন কৰে বিষ্ণুজ্যোতি সংগীত একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি তথা ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গেশ্বৰ শইকীয়াই । দুপৰীয়া ১২ বজাৰ পৰা শুভাৰম্ভ হোৱা অভিভাৱক সন্মিলন খনৰ বন্তি প্ৰজ্বলন কৰে কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীন মহন্তই । অভিভাৱক সভাখন উদ্ধোধন কৰে মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ  অধ্যক্ষ ৰঞ্জিত কুমাৰ ভূঞাই । অন্যন্যা বৰুৱাই আঁত ধৰা সভাখনৰ সুচাৰূপে সভাপতি হিচাপে পৰিচালনা কৰে ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সূবেট চন্দ্ৰ ঘোষে । সভাত নিদিষ্ট ব্যক্তা হিচাপে ভাষণ প্ৰদান কৰে জোনাকী ছমহীয়াআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কুলেন্দ্ৰ নাথ ডেকাই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-সাহিত্যিক আৰু সমাজ সংগঠক জয়ন্ত হাজৰিকাই , হৰিঘাট ৰাঙলীবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী তামুলী বৰা , শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা , মাজুলী জিলা বিহু সন্মিলনীৰ সভাপতি প্ৰদীপ বৰুৱা , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মিত্ৰদেৱ মহন্ত , এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তকে ধৰি বহু ব্যক্ত উপস্থিত থাকি এই সংগীত একাডেমি খনে অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়া দিশৰ ওপৰত আলোকপাত কৰে ৷ সন্মিলন খনত একাডেমিৰ
অভিভাক অভিভাৱিকা , অভয়পুৰীয়া নৰসিংহ গাৱঁৰ সমূহ ৰাইজ উপস্থিত থাকে ।