“মাতৃভাষা, মানুহক ভাল পালেহে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰি’ , ‘প্ৰত্যাহ্বান’ গোটৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন

68
“মাতৃভাষা, মানুহক ভাল পালেহে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰি’ , ‘প্ৰত্যাহ্বান’ গোটৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন
সঞ্জীৱ দাস, ভৱানীপুৰ, ১৯ জুলাইঃ বিষ্ণুৰাভা দিৱস উপলক্ষে সামাজিক মাধ্যমৰ গোট ‘প্ৰত্যাহ্বান’ গোটৰ দ্বাৰা অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানটি দেওবাৰে এক গাম্ভীয্যপূৰ্ণ পৰিৱেশত গুৱাহাটীৰ ‘বিষ্ণু নিৰ্মলা’ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়। সমাজসেৱী পুষ্পলতা মজুমদাৰৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বঁটা বিতৰণী সভাখন সভাপতিত্ব কৰে ‘প্ৰত্যাহ্বান’ গোটৰ সভাপতি ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈয়ে। অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, জনপ্ৰিয় সাহিত্যিক ড° নন্দ সিং বৰকলা,আবৃত্তিৰ সাধক  উপম শইকীয়া আৰু সাংবাদিক মনমৰমী মহন্তই অতিথিৰূপে উপস্থিতি থকা অনুষ্ঠানটোত প্ৰায় শতাধিক গন্য-মান্য ব্যক্তি তথা শিশুসকলৰ উপস্থিত থাকে। শিশুসকল উপকৃত হোৱাকৈ শঙ্কৰ মাধৱৰ পৰা জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদিৰ দৰে মহামানৱসকলক সুঁৱৰি হৃষিকেশ গোস্বামীয়ে ভাষণ ৰাখে। ইপিনে, ড° বৰকলাই গীত সহিতে ঝঙ্কাৰিত শব্দৰ অৰ্থবহ ভাষণে সভাকক্ষৰ সকলোকে অভিভূত কৰাৰ লগতে শিশুসকলক অনেক জ্ঞানৰ জ্যোতি বিলাই যায়। সাংবাদিক মনমৰমী মহন্ত আৰু আবৃত্তিৰ সাধক উপম শইকীয়াৰ ভাষণে উঠি অহা প্ৰজন্মক সঁকিয়াই মাতৃ, মাতৃভাষা, মানুহক ভাল পালেহে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পৰা যায় বুলি কয় ৷ গীত, নৃত্যৰে অনুষ্ঠানটো জীপাল কৰি তোলে লাহিনা কৃষ্ণম, উদ্দীপ্তা কাশ্যপ, ৰুচা ভৰদ্বাজ, পাৰ্থিৱী প্ৰেক্ষা কাশ্যপ, ধিয়ানা কৌশিক, দৃষ্টিহীন শিল্পী হিৰণ্য শৰ্মাকে ধৰি অনেক শিশুশিল্পীয়ে। অনুষ্ঠানত গোটৰ উপদেষ্টা দিপলু শৰ্মা, সম্পাদক নৃপেন হীৰা, গীতাঞ্জলি নাথ, কাব্যশ্ৰী বৰপাত্ৰ, ৰিদিপ শৰ্মাও উপস্থিত আছিল।