মানাহৰ কৰ বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনকাৰীৰ সৈতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ বৈঠক , বৰ্তমানলৈকে আগৰ প্ৰবেশ মাছুল বাহাল থাকিব : কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , অবৈধখননত বন বিভাগৰ লোকো জড়িত

21
মানাহৰ কৰ বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনকাৰীৰ সৈতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ বৈঠক , বৰ্তমানলৈকে আগৰ প্ৰবেশ মাছুল বাহাল থাকিব : কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , অবৈধখননত বন বিভাগৰ লোকো জড়িত
সঞ্জীৱ দাস, ভৱানীপুৰ, ৩০ জুলাই : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ ওপৰত কৰ বৃদ্ধি , ক্ষেত্ৰ সঞ্চালকৰ একনায়কত্ববাদী কাৰ্যকলাপৰ অভিযোগ তুলি ইয়াৰ প্ৰতিবাদত বিগত কিছুদিন ধৰি ৰাজহুৱাভাৱে ধাৰাবাহিক আন্দোলন চলাই থকাৰ মাজতে আজি মানাহত উপস্থিত হয় বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী । উল্লেখ্য যে , মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ উদ্যেগত চৈধ্যটা সংগঠনৰ লগতে ৰাইজে পৰ্যটকৰ ওপৰত কৰ বৃদ্ধি , ক্ষেত্ৰ সঞ্চালকৰ একনায়কত্ববাদী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জৰ পৰিদৰ্শণ বঙলাত আন্দোলনকাৰী মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ লগতে চৈধ্যটা সংগঠনৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ দীৰ্ঘ সময় ধৰি আলোচনাত বহে । বৈঠকৰ অন্তত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে আগৰ প্ৰবেশ মাছুল বাহাল থাকিব পুণৰ চৰকাৰীভাৱে জাননী জাৰি নকৰা পৰ্যন্ত।প্ৰবেশ মাছুল বৃদ্ধি কৰিব যদিও বৃহত্তৰ মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ লগত বহি আলোচনা কৰা হ’ব”। ৰঞ্জিত বসুমতাৰীয়ে কয় যে , মানাহত বহু লোকে বিনা বেতনে ২৪/২৫ বছৰ ধৰি কাম কৰি আহিছে । তেওঁলোকৰ জীৱিকাৰ কথা চিন্তা কৰিও সংগৃহীত মাছুলেৰে নুজুৰাৰ বাবেও মাছুল বৃদ্ধিৰ কথা চিন্তা কৰা হৈছে । কাৰ্যবাহী সদস্য বসুমতাৰীক মানাহৰ দাঁতিত বেকী নদীৰ লগতে অন্য নদীত চলি থকা অবৈধ খনন চলি থকা সন্দৰ্ভত সাংবাদিকে পোৱা প্ৰশ্নোত্তৰত কিছুমান বন বিভাগৰ লোকেও অবৈধ খনন কাৰ্যত জড়িত থকা বুলি তেওঁ আক্ষেপ কৰে । বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা, সংৰক্ষিত কৰি ৰখাৰ লগতে অবৈধ খনন কাৰ্য বন্ধ কৰিব বুলিও কাৰ্যবাহী সদস্য গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।