মান্দাকাটাত মুনীন্দ্ৰ নাথ মহন্ত সোৱৰণী বাৰ্ষিক বটাঁ প্ৰদান অনুষ্ঠান

37
মান্দাকাটাত মুনীন্দ্ৰ নাথ মহন্ত সোৱৰণী বাৰ্ষিক বটাঁ প্ৰদান অনুষ্ঠান
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাই : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মান্দাকাটাস্থিত ডি জে এগ্র’ উদ্যোগ প্ৰতিষ্ঠান টোৰ উদ্যোগত দ্বীপজ্যোতি এণ্ড মিলিমহন্ত ফাউণ্ডেচন সহযোগত মান্দাকাটা বাগান নিম্ন প্রাথমিক বিদ্যালয়ত কালি ১৯ জুলাইত মুনীন্দ্ৰ নাথ মহন্ত সোঁৱৰণী বঁটা প্রদান অনুষ্ঠান সম্পন্ন হৈ যায় । এই বিদ্যালয়খনৰ অস্থায়ী সভাগৃহত বিদ্যালয়খনৰে প্রধান শিক্ষক সোণাৰুদ্দিন আহমেদৰ সভাপতিত্বত আয়োজিত এই বটাঁ প্ৰদান অনুষ্ঠানটোত আয়োজক তথা ডি জে এগ্ৰ’ৰ উদ্যোগটোৰ সঞ্চালক দ্বীপজ্যোতি মহন্ত আৰু তেওঁৰ পত্নী তথা সঞ্চালিকা মিলি মহন্তই মুনীন্দ্র নাথ মহন্তৰ সোঁৱৰণত মান্দাকাটাৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থী সকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে  মান্দাকাটা বাগান নিম্ন প্রাথমিক বিদ্যালয়ৰ পঞ্চম বার্ষিক পৰীক্ষাত সুখ্যাতিৰে প্ৰথম চাৰিটা স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিবছৰে নগদ ধন,গামোচা, মানপত্ৰ, বটাঁ প্ৰদান কৰি আহিছে। বিগত দুটা বছৰ কভিড পৰিস্থিতিৰ বাবে এই বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰিব নোৱাৰা হেতুকে চলিত বৰ্ষত একেলগে ২০১৯,২০২০ আৰু ২০২১ বৰ্ষৰ বিদ্যালয়খনৰ পৰা ক্ৰমে প্রথম স্থান পোৱা জ্যোতিকা কৰ্মকাৰ,পৰিস্মিতা গোৱালা আৰু কৌশিক নাথক নগদ ১2,000 টকা, দ্বিতীয় স্থানপ্ৰাপ্ত অংকিতা খাৰিয়া,মনিসা কৰ্মকাৰ আৰু পম্পি ভূমিজ ১০,০০০ টকা, তৃতীয় স্থানপ্ৰাপ্ত ববিতা ৰাজগড়,বিবেক ভূমিজ আৰু মধুস্মিতা ওৰাং  ৮০০০ টকা আৰু চতুর্থ স্থান প্রাপ্ত শ্যামন্তিকা ৰাজগড়,বন্দিতা তাতী আৰু মমতা চান্দক  ৩০০০ নগদ ধনৰ লগতে সকলোকে একোখন মানপত্ৰ ,গামোচাৰ লগতে একোটাকৈ বটাঁ প্রদান কৰা হয়। এই বঁটা বিতৰণ অনুষ্ঠানত ডি জে এগ্ৰ উদ্যোগ প্ৰতিস্থানটোৰ বিষয়ববীয়াৰ লগতে শিক্ষকদ্বয় কৃষ্ণা শৰ্মা আৰু মইনুল হক চৌধুৰী, মান্দাকাটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য বীৰেন বৈশ্য,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অজিত কৰ্মকাৰ, সমাজকৰ্মী অচ্যুত দাস, ভগৱান দাসসাগৰ ভূমিজৰ লগতে বিদ্যালয়খনৰ অভিভাৱক সকলৰ উপৰিও অঞ্চলটোৰ গুণী-জ্ঞানী লোকসকল উপস্থিত থাকে।