মাৰ্ঘেৰিটাত গৰু ৰমৰমীয়া অবৈধ বেহা,  নিতৌ শ শ গৰু ৰাজ্য  ভিন্ন প্ৰান্তলৈ সৰবৰাহ

25
মাৰ্ঘেৰিটাত গৰু ৰমৰমীয়া অবৈধ বেহা,  নিতৌ শ শ গৰু ৰাজ্য  ভিন্ন প্ৰান্তলৈ সৰবৰাহ
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা , ১৯ জুলাইঃ চোৰাং বনজ সম্পদৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাত অব্যাহত আছে চোৰাং গৰু ৰমৰমীয়া অবৈধ বেহা।ৰাজ্য ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো একাংশ লোকে অব্যাহত ৰাখিছে গৰু অবৈধ ৰমৰমীয়া বেহা। মাৰ্ঘেৰিটাত বৰ্তমান গৰু কোনো বৈধ বজাৰ নাই যদিও নিতৌ শ শ গৰু মাৰ্ঘেৰিটাৰ পৰা ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়াৰ অৰুণাচল প্ৰদেশলৈয়ো সৰবৰাহ হৈ আহিছে। মাজে সময়ে আৰক্ষী প্ৰশাসনে এই অবৈধ গৰু বেহাৰৰ বিৰুদ্ধে অভিযান চলাই যদিও অবৈধ বেহা কিন্তু বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটাৰ মছজিদ পট্ৰীৰ পৰা ১৯ টাকৈ চোৰাং গৰু জব্দ কৰাৰ ঘটনা মাৰ নৌ যাওঁতেই শনিবাৰে পুনৰ ৫ টা চোৰাং গৰু জব্দ হোৱাৰ ঘটনাই মাৰ্ঘেৰিটাত গৰু অবৈধ বেহাৰ যে অব্যাহত আছে এই কথা কথাকে পুনৰবাৰ প্ৰমান  কৰিছে। মাৰ্ঘেৰিটাত বৰ্তমান গৰু কোনো বৈধ বজাৰ নাই যদিও নিতৌ শশ গৰু মাৰ্ঘেৰিটা মছজিদ পট্ৰীকে ধৰি লাজুম  আদি  অঞ্চলৰ পৰা কেনেকৈ সৰবৰাহ হৈ আছে। দিনৰ পোহৰতে সকলোৱে চকু সন্মূখতে কেনেকৈ অবৈধ ভাৱে গৰু সৰবৰাহ হৈ আছে ইয়ো এক ৰহস্য বিষয়। ।
মাৰ্ঘেৰিটা আৰক্ষী তথা স্থানীয় প্ৰশাসনৰ এই অবৈধ গৰু ব্যৱসায়ৰ বিষয়টো দৃষ্টিগোচৰ নোহোৱা কথাই সাধাৰণ লোকৰ মাজতো ৰহস্য সৃষ্টি কৰিছে। প্ৰাপ্ত খৱৰ অনুসৰি আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্ণেল মিঞ্জৰ নেতৃত্বত আছাৰ এটা সজাতি দলে অবৈধ ভাৱে সৰবৰাহ কৰিবলৈ লোৱা সময়তে শনিবাৰে ৫ টাকৈ চোৰাং গৰু জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়ে।কাৰ নেতৃত্বত মাৰ্ঘেৰিটাত চলি আছে গৰু এই অবৈধ বেহা । এক বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি এই অবৈধ গৰু সৰবৰাহৰ তথা ব্যসায়ৰ লগত জড়িত হৈ আছে মাৰ্ঘেৰিটা লাজুম অঞ্চলৰ জনৈক লিচু নামৰ লোকজন।দিৰ্ঘদিনৰ পৰা আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি জনৈক লিচুৱে লাজুমৰ পৰাই এই চোৰাং গৰু অবৈধ  ব্যৱসায় চলাই গৈছে।নিতৌ বিভিন্ন ঠাইলৈ অবৈধ ভাৱে  সৰবৰাহ কৰি আহিছে গৰু। আনহাতে বজাৰৰ হাটখোৱাজনেও এই চোৰাং গৰু বেহাৰৰ লগত জডিত সকলক সহায় কৰাৰ বুলি স্থানীয়লোকে অভিযোগ উত্থাপিত কৰিছে।স্থানীয় সচেতন মহলে গৰু এই অবৈধ  বেহা অতি শীৰ্ঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাৱী জনাইছে।আনহাতে অনতি পলমে মাৰ্ঘেৰিটাৰ আৰক্ষী তথা মহকুমাৰ প্ৰশাসনে  গৰু অবৈধ বেহা বন্ধ নকৰিলে আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে অবৈধ গৰু বেহাৰৰ বিৰুদ্ধে নিজেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্ণেল মিঞ্জে সংবাদ মাধ্যমক জানিবলৈ দিছে।কিন্তু পৰৱৰ্তী সময়তহে জানিব পৰা যাৱ মাৰ্ঘেৰিটাত অব্যাহত থকা গৰু অবৈধ বেহা বন্ধ হয় নে নহয়।