মাৰ্ঘেৰিটাত নতুন ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ

29
মাৰ্ঘেৰিটাত নতুন ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা , ১ আগষ্টঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আজি মাৰ্ঘেৰিটাৰ খণ্ড উন্নয়ন বিষয়াৰ সভাগৃহত নতুন ভোটাৰ অনুকূল নিৰ্বাচনী পঞ্জীয়ন প্ৰপত্ৰ আনুষ্ঠানিক ভাৱে ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো মুকলি কৰা হয় । মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে ইচিআইৰ পৰামৰ্শ অনুসৰি , আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দ্বাৰা আৰপি আইন ১৯৫০-ৰ সংশোধনৰ বিষয়ে উপস্থিত সকলক অৱগত কৰে । নিৰ্বাচন আয়োগে এইবাৰৰ পৰা নতুন ভোটাৰ সকলৰ বাবে চাৰিটা যোগ্যতা অৰ্জনৰ তাৰিখ ১ জানুৱাৰী , ১ এপ্ৰিল , ১ জুলাই আৰু ১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে আৰু ভোটাৰ আইডিৰ সৈতে আধাৰৰ স্বেচ্ছামূলক সংযোগৰ বিষয়ে অৱগত কৰে । নতুনকৈ ভোটাৰ তালিকাত নাম অন্তভূক্তি কৰিব বিচৰা সকলে এন ভি এছ পি, ভিএইচএ-ৰ দৰে মোবাইল এপ্লিকেচনৰ জৰিয়তে নিজকে নামভৰ্তি কৰিব পাৰে বা বিএলঅ’ৰ পৰা সহায় বিচাৰিব পাৰিব বুলি মাৰ্ঘেৰিটা জিলাৰ নিৰ্বাচনী বিষয়া অদিতি নেওগে জানিবলৈ দিয়ে । নতুন ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ আনুষ্ঠানিক শুভাৰম্ভ কাৰ্যসূচীৰ পিছতে ভোটাৰ তালিকা বিশেষ সংশোধন 2023 সন্দৰ্ভত ইৰোনেট, গৰুড় , ভিএইচএ ভোটাৰ পৰ্টেল আদি বিষয়বস্তু ওপৰত এ.ই.আৰ.অ./বি.এল.অ. চুপাৰভাইজাৰ/বি.এল.অ.-ৰ বাবে এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় । এই আনুষ্ঠানিক শুভাৰম্ভ কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনাৰ , ৰাজনৈতিক দল , সংবাদিক , নাগৰিক সমাজ সংগঠন, বেচৰকাৰী সংগঠন আৰু যুৱ নিৰ্বাচক সকলৰ সদস্য সকল উপস্থিত থাকে ।