মাৰ্ঘেৰিটাত ৰেল বিভাগৰ উচ্ছেদ অভিযান

23
মাৰ্ঘেৰিটাত ৰেল বিভাগৰ উচ্ছেদ অভিযান
দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা , ১৯ জুলাইঃ মাৰ্ঘেৰিটা পৰা ডিগবৈ সংযোগী ৰেল লাইনৰ দুয়ো কাষে অবৈধ ভাৱে বেদখল কৰা বিৰুদ্ধ আজি ৰেল বিভাগে উচ্ছেদ অভিযান চলাই। মাৰ্ঘেৰিটা পৰা ডিগবৈ সংযোগী ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল লাইনৰ দুয়ো কাষে বহু লোকে অবৈধ ভাৱে বেদখল কৰি ঘৰ দোকান আদি নিৰ্মান কৰি বসবাস আছিল। ৰেল বিভাগৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে  অভিযান । মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ উপস্থিতিত ৰেলৱে সুৰক্ষা বাহিনীয়ে পুৱাৰে পৰা জেচিবি ব্যৱহাৰ কৰি উচ্ছেদ অভিযান চলাই । ইতিমধ্যে কেইবাটাও ঘৰ ভাঙি উচ্ছেদ কৰিছে । অঞ্চলটো ২৫ টা অবৈধ বাসগৃহত ৰেল বিভাগে   উচ্ছেদ  কৰিব বুলি জনা গৈছে । ৰেল বিভাগৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালক আগতীয়াকৈ জাননী প্ৰেৰণ কৰা  হৈছিল বুলি বিভাগীয় কতৃপক্ষই জানিবলৈ দিছে । এই উচ্চেদ অভিযানৰ ফলত গৃহহাৰা হৈ পৰা পৰিয়ালসমূহ শোক আৰু ক্ষোভত ভাগি পৰিছে ।