মাৰ্ঘেৰিটাৰ বৰগোলাই স্থিত নিচা মুক্তি কেন্দ্রত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অভিযোগ – প্ৰতিযোগ , প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে প্ৰতিবাদ আৰু  কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰ বিৰোধিতা টাই আহোম যুৱ পৰিষদৰ

31
মাৰ্ঘেৰিটাৰ বৰগোলাই স্থিত নিচা মুক্তি কেন্দ্রত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অভিযোগ – প্ৰতিযোগ , প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে প্ৰতিবাদ আৰু  কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰ বিৰোধিতা টাই আহোম যুৱ পৰিষদৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা , ১২ জুলাই : মাৰ্ঘেৰিটাৰ বৰগোলাই স্থিত নিচা মুক্তি কেন্দ্রত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অভিযোগ -প্ৰতি অভিযোগ। জাগুন উদয়পুৰৰ দেৱজিৎ পায়েং ( ২৮ ) নামৰ যুৱকজনক  বৰগোলাই স্থিত নিচা মুক্তি কেন্দ্রত ভৰ্তি কৰাৰ দুঘন্টাৰ পাছতে ৰহস্য জনক ভাবে মৃত্যু হোৱাৰ পাছত ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত নিচা মুক্তি কেন্দ্রৰ পৰিচালক ৰূপম গগৈক গ্ৰেপ্তাৰৰ দাবীত  ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে  প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে আজি এখন সংবাদমেল আয়োজন কৰি টাই আহোম যুৱ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।  সংগঠনটোৰ মহকুমা কমিটিৰ সভাপতি জানা সন্দিকৈয়ে সংবাদমেলখন সম্বোধন  কৰি পায়েং  উপাধিৰ  যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰে । লগতে সন্দিকৈয়ে প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে প্ৰতিবাদ আৰু  কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰূপম গগৈক  গ্ৰেপ্তাৰৰ দাবীৰ তীব্ৰ  বিৰোধিতা কৰে । ২০১৪ চনত এই কেন্দ্ৰটো আৰম্ভ কৰি কেইবাহাজাৰ নিচাসক্তক অন্ধকাৰ ভৱিষ্যতৰ পৰা স্বাভাৱিক জীৱনলৈ ঘুৰাই অনা ৰূপম গগৈৰ এই মহৎ প্ৰচেষ্টাক নস্যাৎ কৰাৰ চেষ্টাক মানি লোৱা নহ’ব বুলি সংবাদমেল যোগে  স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।অৱশ্যে সংগঠনটোৱে আইনী তদন্তৰ পাছত দোষী সাব্যস্তু হ’লে ৰূপম গগৈয়ে শাস্তি পাওঁক তাত কোনো আপত্তি নাই বুলিও স্পষ্ট কৰি দিয়ে ।উল্লেশ্যে যে – ৰূপম গগৈ সামাজিক জীৱনৰ এটা  চৰ্চিত নাম ।  বিভিন্ন সামাজিক অনুষ্ঠানলৈ  বিপুল পৰিমাণৰ বৰঙণি আগবঢ়াই  সমগ্ৰ সমষ্টিটোতে পৰিচিতি লাভ কৰিছে ।তাৰোপৰি বিনামূলীয়াকৈ কেন্দ্ৰটোত বহু নিচাসক্তক চিকিৎসা কৰাই সুনামো লাভ কৰি আহিছে ।  অৱশ্যে অভিজিৎ  পায়েংৰ ঘটনাটো কি পৰিস্থিতিত হ’বলৈ পালে আৰু  ৰূপম গগৈ ইয়াৰ বাবে কিমান দোষী প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়াৰ পাছতহে স্পষ্ট হ’ব ।