মিকিৰভেটা আৰু বড়িবজাৰ আৰক্ষীৰ যৌথ আভিযান , শিলপুখুৰীৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়া আটক

15
মিকিৰভেটা আৰু বড়িবজাৰ আৰক্ষীৰ যৌথ আভিযান , শিলপুখুৰীৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়া আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , টুকটুকী ,৩০ জুলাই : আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰীত মিকিৰভেটা আৰু বড়িবজাৰ আৰক্ষীৰ যৌথ অভিযান চলাই শিলপুখুৰীৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়া ছাহজাহান আলী আৰু বদৰুল ইছলামক আটক কৰিবলৈ সক্ষম হয় । এই দুই কুখ্যাত ড্ৰাগছ মাফিয়াই দীর্ঘদিন ধৰি অতি কৌশলে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । জানিব পৰা মতে , আৰক্ষীয়ে বিগত ছমাহ ধৰি ইহঁতক কৰায়ত্ব কৰিবলৈ চেষ্টা চলাই আহিছিল যদিও বাৰে বাৰে বিফল হৈছিল । আজি আৰক্ষীয়ে অতি কৌশলে ক্রেতাৰ বেশ ধৰি বহু চেষ্টাৰ ফলত শিলপুখুৰীৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়া ছাহজাহান আলী আৰু বদৰুল ইছলামক আটক কৰিবলৈ সক্ষম হয় । লগতে ৭ টা চাদাৰ টেমা ভৰ্তি ড্ৰাগছ আৰু ৬ টা কট্ৰেনাৰ লগতে  AS21E 3743 আৰু AS21D 4436 নম্বৰ দুখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে । এই দুই কুখ্যাত ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰাৰ বাবে বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনিন্দ্ৰ ডেকা আৰু মিকিৰভেটা আৰক্ষীক ৰাইজে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয় । বৰ্তমান আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।