মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত কামৰূপ পূব বন সংমণ্ডলত গুৱাহাটী বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত , শ্যামলী চৌহদৰ শুভ আৰম্ভণি

44

মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত কামৰূপ পূব বন সংমণ্ডলত গুৱাহাটী বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত , শ্যামলী চৌহদৰ শুভ আৰম্ভণি

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২০ জুলাই : মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত কালি ১৯ জুলাইত কামৰূপ পূব বন সংমণ্ডলে গুৱাহাটী বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত *শ্যামলী চৌহদ* ৰ শুভ আৰম্ভণি কৰে। নামনি অসম মণ্ডলৰ বশিষ্ঠস্থিত অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যলয়ৰ চৌহদত কালি ৩৫ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ পুলি ৰোপণ কৰি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। এই বৃক্ষৰোপণ কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সহযোগ কৰে  পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু পৰিবেশ আৰু বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন বল প্ৰধান মহেন্দ্ৰ কুমাৰ যাদবে। এই অনুষ্ঠানত বন বিভাগৰ অন্যান্য মুৰব্বী বিষয়া সকলে যোগদান দিয়ে আৰু প্ৰত্যেকেই একোডাল কৈ গছ পুলি ৰোপণ কৰে । গছপুলি ৰোপনৰ উপৰিও কালিৰ কাৰ্যসূচীৰ অন্তৰ্গত অনুষ্ঠিত কৰা সজাগতা সভাত বনমন্ত্ৰী পাটোৱাৰীয়ে বন বিভাগৰ বিষয়া সকলৰ লগত মত বিনিময় কৰাৰ লগতে অনতিপলমে বন বিভাগত হবলগা পৰিবৰ্তনৰ কিছু আভাষ দিয়ে। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে পৰিবেশ আৰু বন বিভাগত বহুতো নতুন আঁচনিৰ অন্তৰ্ভুক্ত কৰি বনাঞ্চল বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰাৰ এক ইংগিত প্ৰদান কৰে কালিৰ অনুষ্ঠানত ।