মেধাৱী ছাত্ৰীৰ প্ৰতিবাদত উত্তাল মুছলপুৰ

11
মেধাৱী ছাত্ৰীৰ প্ৰতিবাদত উত্তাল মুছলপুৰ
দুৰ্নীতিৰ দৰ্পণ, জিণ্টুমণি দাস, মুছলপুৰ, ২৮ জুলাই: মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব ৷ এনেদৰে আজি বাক্সাৰ মুছলপুৰত একাংশ মেধাৱী ছাত্ৰীয়ে স্কুটি বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে বিগত ২০২০ বৰ্ষলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিছিল ৷ কিন্তু ২০২১ বৰ্ষত উত্তীৰ্ণ ছাত্ৰীসকলক আজিলৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে স্কুটি প্ৰদান কৰা নাই ৷ যাৰবাবে স্কুটি বঞ্চিত বাক্সাৰ ছাত্ৰীসকলে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে স্কুটি বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন প্ৰতিষ্ঠানৰ ছাত্ৰীসকলে মুছলপুৰ দুৰ্গা মন্দিৰ খেলপথাৰত একত্ৰিত হৈ মামা আমাক স্কুটি লাগে, আমাক স্কুটি লাগিবই, আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্ণা দিয়া ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাপ্য আদায় নিদিলে পুনৰ গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে ৷