মৰিগাঁও জিলা আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈক দুৰ্নীতি নিৱাৰক শাখাই উৎকোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ , জাগীৰোডৰ পালিগুৰিস্থিত এখন ৱাইন বাৰৰ পৰা উৎকোচ হিচাপে বৰ্ষা বৰা বৰদলৈয়ে বিচাৰিছিল ধন

44
মৰিগাঁও জিলা আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈক দুৰ্নীতি নিৱাৰক শাখাই উৎকোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ , জাগীৰোডৰ পালিগুৰিস্থিত এখন ৱাইন বাৰৰ পৰা উৎকোচ হিচাপে বৰ্ষা বৰা বৰদলৈয়ে বিচাৰিছিল ধন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ জুলাই : মৰিগাঁও জিলা আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈয়ে নিজ কাৰ্যালয়তে ২০ হাজাৰ টকা উৎকোচ হিচাপে লৈ থকা অৱস্থাত আজি দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ চহৰখনতেই ব্যাপক চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰাপ্ত অভিযোগ মতে , চলিত বৰ্ষত অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি পঞ্চায়ত এলেকাত থকা ৱাইন বাৰ সমূহ ৱাইন শ্বপলৈ পৰিবৰ্তন কৰিব লাগে । অসম চৰকাৰৰ সেই সিদ্ধান্তক সোণত কণী পৰা হাঁহ বুলি ভাবি মৰিগাঁও জিলা জাগীৰোড সমষ্টিৰ পালীগুৰিত থকা এখন ৱাইন বাৰক কনভাৰ্ট কৰাৰ বাবে মৰিগাঁও জিলা আবকাৰী অধীক্ষকে এক লাখ টকা উৎকোচ হিচাপে বিচাৰে । ৱাইন বাৰ খনৰ স্বত্বাধিকাৰী চিন্ময় তামুলীয়ে এই ধন দিবলৈ মান্তি নোহোৱাত ৭৫ হাজাৰ টকালৈ নামি আহে । বিতৰ্কিত আৱকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈয়ে এক লাখৰ পৰা দৰদাম কৰি আৱকাৰী অধীক্ষক গৰাকীয়ে ৬০ হাজাৰ টকা লাগিব বুলি কোৱাত আবকাৰী অধীক্ষকৰ উৎকোচ বিচৰা এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চিন্ময় তামুলীয়ে দুৰ্নীতি নিৱাৰক শাখাক অৱগত কৰে । দুৰ্নীতি নিৱাৰক শাখাৰ উচ্চপদস্থ বিষয়াৰ নিৰ্দেশত আজি চিন্ময় তামুলীয়ে আগধন হিচাপে ২০ হাজাৰ টকা আৱকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈক দিবলৈ আহে । আজি দিনৰ ভাগত উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগনত থকা জিলা আবকাৰী বিভাগৰ কাৰ্য্যালয়ত চিন্ময় তামুলীৰ পৰা বিতৰ্কিত আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকা উৎকোচ হিচাপে লওঁতেই দুৰ্নীতিৰ নিৱাৰক শাখাই হাতেলোটে গ্ৰেপ্তাৰ কৰে আৱকাৰী অধীক্ষক গৰাকীক । উল্লেখ যে , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা পিছৰেপৰা অসম আৰক্ষীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ অভিযান অৱ্যাহত ৰাখিছে । মুখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিৰ্দেশকো অমান্য কৰি মৰিগাঁও জিলাত আৱকাৰী অধীক্ষক হিচাপে যোগদান কৰাৰ পৰা বহু লোকৰ পৰা আৱকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈয়ে ধন দাবী কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে । আবকাৰী কাৰ্যালয়ত দিন দুপৰতেই মুকলি ভাৱে সুৰাৰ আদ্দা চলি থকা ঘটনা সংবাদ মাধ্যমৰ প্ৰচাৰ হোৱা পিছত সাংবাদিককো ধমক দিবলৈ এৰা নাছিল এই গৰাকী বিতৰ্কিত আৱকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈয়ে । আজি কাৰ্যালয়তেই উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিৱাৰক শাখাৰ হাতত হাতেলোটে গ্ৰেপ্তাৰ হ’ব লগা ঘটনাই সমগ্ৰ জিলা খনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে , দুৰ্নীতি নিৱাৰক শাখাই গ্ৰেপ্তাৰ কৰি আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈৰ এৰাগাঁও স্থিত ভাৰাঘৰত অধিক তথ্যৰ বাবে তালাচী চলায় । তাৰ পিছত বিতৰ্কিত আবকাৰী অধীক্ষক গৰাকীক জেৰাৰ বাবে দুৰ্নীতি নিৱাৰক শাখাই গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ লৈ যায় । ইপিনে , আবকাৰী বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই নিজ কাৰ্যালয়তে দিন দুপৰতে উৎকোচৰ মুকলি বজাৰ বঢ়োৱাই দুৰ্নীতি নিৱাৰক শাখাৰ হাতত হাতেলোটে গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই জিলা খনৰ সচেতন মহলক স্তম্ভিত কৰি তুলিছে ।