মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ সংবাদ মেল

24
মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ সংবাদ মেল
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৩০ জুলাই : মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনি বিষয়ক লৈ আজি বিয়লি ভাগত এখন সাংবাদিক মেল অনুস্থিত হয় । এই বিশেষ সংক্ষিপ্ত পুনৰ সংশোধনীত কেইবাটাও বিষয় সামৰি অহা ১ অক্টোবৰ ২০২২ বা ১ জানুৱাৰী ২০২৩ ত ১৮ বছৰ সম্পূৰ্ণ হোৱা তৰুণ ভোটাৰ সকলৰ নাম অন্তৰ্ভূক্ত কৰা , ভোট কেন্দ্ৰ পুন নিৰ্ধাৰণ , বিগত বছৰত মৃত্যু হোৱা ব্যক্তি বা বসবাসৰ ঠিকনা সলনি সুত্ৰে তালিকাৰ পৰা নাম কৰ্তন , ভুল হৈ থকা নাম বা ফটো সলনি কৰা , ইচ্ছাকৃত আধাৰ নম্বৰ সংলগ্ন কৰা হব । এই সংক্ৰান্তীয় আবেদন প্ৰ-পত্ৰ অনলাইন অফলাইন দুয়োটা মাধ্যমতে উপলব্ধ হব । ৯ নবেম্বৰত খচৰা তালিকা প্ৰকাশ কৰা হব , ৮ ডিচেম্বৰলৈ ওজৰ আপত্তি গ্ৰহণ কৰা হব , ২৬ ডিচেম্বৰৰ ভিতৰত ওজৰ আপত্তি নিষ্পত্তি কৰা হব আৰু ৫ জানুৱাৰী ২০২৩ তাৰিখে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব । জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস , নিৰ্বাচনী বিষয়া দ্বীপময় ঠাকুৰীয়াও উপস্থিত থাকে ।