মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয় চৌহদতে লোকনিৰ্মান বিভাগৰ বিয়াগোম কেলেংকাৰী , ৭ মাহ নহওঁতেই কোটি টকীয়া গৃহত চিৰাল ফাট , তীব্ৰ প্ৰতিক্ৰিয়া , জিলা কোষাগাৰ কাৰ্যালয় গৃহ নিৰ্মানটো বিসংগতি , চপৰা চপৰে এৰাইছে পকী

32
মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয় চৌহদতে লোকনিৰ্মান বিভাগৰ বিয়াগোম কেলেংকাৰী , ৭ মাহ নহওঁতেই কোটি টকীয়া গৃহত চিৰাল ফাট , তীব্ৰ প্ৰতিক্ৰিয়া , জিলা কোষাগাৰ কাৰ্যালয় গৃহ নিৰ্মানটো বিসংগতি , চপৰা চপৰে এৰাইছে পকী
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৬ আগষ্ট : মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতেই ২ কোটি ১৮ লাখ ১৩ হাজাৰ টকাৰে নৱনিৰ্মিত ইভিএম ওৱেৰহাউচৰ নিৰ্মান প্ৰক্ৰিয়াত ব্যাপক বিসংগতি হোৱাৰ ফলত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা মাত্ৰ ৭ টা মাহ নহওঁতেই দেৱালত চিৰাল ফাট মেলাত জিলা খনৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলা খনৰ কেন্দ্ৰবিন্দু স্বৰূপ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ইভিএম ওৱেৰহাউচৰ নিৰ্মান কাৰ্যৰ কাম লাভ কৰিছিল আশ্ৰফ আলি নামৰ লোক জনৰ মালিকানাধীন এম/এচ ইউনিকিউ কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে।ইতিমধ্যে আশ্ৰফ আলিৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে লোকনিৰ্মান বিভাগৰ পৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰমানপত্ৰ পোৱাৰ লগতে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ঠিকাদাৰ জনে আপত্তি বিহীন প্ৰমাণ লাভ কৰিছে। প্ৰাপ্ত অভিযোগ মতে, জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতেই গৃহটোত নিৰ্মাণ কাৰ্যত বহু বিসংগতি আছিল যদিও ৰহস্যজনক ভাৱে লোকনিৰ্মাণ বিভাগৰ আশীৰ্বাদ পুষ্ট বিতৰ্কিত ঠিকাদাৰ আশ্ৰফ আলীয়ে ধন উলিয়াই নিবলৈ কাৰ্যালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে- আশ্ৰফ আলী নামৰ বহু বিতৰ্কিত ঠিকাদাৰ জনে ইয়াৰ পূৰ্বেও জিলা কোষাগাৰ কাৰ্যালয় নিৰ্মাণকাৰ্যতো বহু বিসংগতি সংঘটিত কৰাৰ ফলত কোষাগাৰৰ পকীবোৰ ফাট মেলাৰ লগতে এৰাই যায়। তাৰোপৰি আশ্ৰফ আলীৰ প্ৰতিষ্ঠানে জিলা খনত নিৰ্মাণ কাৰ্য চলোৱা বহু কেইটা গৃহত ব্যাপক বিসংগতি সংঘটিত কৰাৰো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। ইফালে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো কেনেকৈ কাৰ আশীৰ্বাদত আশ্ৰফ আলীৰ প্ৰতিষ্ঠানে বিয়াগোম কেলংকাৰী সংঘটিত কৰিলে,সেয়েলৈ জিলা খনৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে, জিলা খনত আশ্ৰফ আলীৰ প্ৰতিষ্ঠানে সংঘটিত কৰা বিয়াগোম কেলংকাৰী তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক জিলাখনৰ সচেতন মহলে দাবী জনাইছে।