মৰিগাঁৱত কম খৰছত উপলব্ধ লেপাস্কপী পদ্ধতিৰ অপাৰেশ্যন সেৱা

22
মৰিগাঁৱত কম খৰছত উপলব্ধ লেপাস্কপী পদ্ধতিৰ অপাৰেশ্যন সেৱা
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৫ আগষ্ট : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত অত্যাধুনিক চিকিৎসাৰ পদ্ধতিয়ে সমগ্ৰ বিশ্বতে প্ৰসাৰ আৰু জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালভাৱে ৰাজ্য খনৰ বিভিন্ন চিকিৎসালয়তো সেই সেৱা সমূহ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে। অত্যাধুনিক আৰু উন্নত চিকিৎসাৰ ক্ষেত্ৰত মৰিগাঁও জিলাখন আজিও পিছ পৰি থকা দেখিবলৈ পোৱা যায়। তেনে এক মুহূৰ্তত মৰিগাঁও জিলাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বিজয়লক্ষ্মী হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰত গুৱাহাটীস্থিত গেট হস্পিটেলৰ অভিজ্ঞ চিকিৎসক ক্ৰমে-ডাঃ বেদব্ৰত পাঠক,ডাঃ উত্তম চৌধুৰী,ডাঃ জিৎ পাটিলৰ তত্বাৱধানত কম খৰচতে লেপাস্কপীৰ জৰিয়তে গ’ল্ড ব্লাডাৰ আৰু এপেণ্ডীকচৰ দৰে জটিল অপাৰেশ্যন কৰিব পাৰিব। বৃহস্পতিবাৰে চিকিৎসালয়খনত ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি লেপাস্কপীৰ দ্বাৰা কৰাবলগীয়া অপাৰেশ্যনৰ কক্ষ টিৰ ফিটা কাতি শুভাৰম্ভ কৰে গেট হস্পিটেলৰ স্বত্বাধিকাৰী তথা অভিজ্ঞ চিকিৎসক ডাঃ বেদব্ৰত পাঠকে। উল্লেখ্য যে শুভাৰম্ভ কৰাৰ দিনটোতে চাৰিগৰাকীকৈ গ’ল্ড ব্লাডাৰৰ ৰোগীক প্ৰায় তিনি ঘণ্টা সময়ৰ ভিতৰতে সুকলমে অপাৰেশ্যন কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত বিজয়লক্ষ্মী হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ স্বত্বাধিকাৰী ডাঃ ধীৰেন নাথে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি এতিয়াৰে পৰা এপেণ্ডীকচ্ , গ’ল্ড ব্লাডাৰ আদি ৰোগী সকলে মৰিগাঁৱৰ পৰা গুৱাহাটী অথবা নগাঁৱলৈ  যোৱাৰ পৰিৱৰ্তে কম খৰচতে লেপাস্কপীৰ পদ্ধতিৰে মৰিগাঁৱতেই কৰাব পাৰিব তেনেধৰণৰ অপাৰেশ্যন। ইয়াৰোপৰি গেট হস্পিটেলৰ স্বত্বাধিকাৰী ডাঃ বেদব্ৰত পাঠকে জানিবলৈ দিয়া অনুসৰি বিশেষ ভাৱে স্বচ্ছল পৰিয়ালৰ ৰোগীৰ বাবেও ৰেহাই দিয়াৰ ব্যৱস্থা ৰাখিছে হস্পিটেল খনৰ কৰ্তৃপক্ষই।