মৰিগাঁৱত পুনৰ আন এক জেহাদী গ্ৰেপ্তাৰ , মৰিগাঁও আৰক্ষীৰ জেহাদী বিৰোধী অভিযান অব্যাহত , মৰিগাঁও আৰক্ষীৰ জালত পৰিল ইছলামিক মৌলবাদী সংগঠনৰ লগত জড়িত কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বতাধিকাৰী 

30
মৰিগাঁৱত পুনৰ আন এক জেহাদী গ্ৰেপ্তাৰ , মৰিগাঁও আৰক্ষীৰ জেহাদী বিৰোধী অভিযান অব্যাহত , মৰিগাঁও আৰক্ষীৰ জালত পৰিল ইছলামিক মৌলবাদী সংগঠনৰ লগত জড়িত কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বতাধিকাৰী
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ জুলাই : দেশ বিৰোধী ইছলামিক মৌলবাদী শক্তিৰ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা সময়তে জেহাদীৰ লগত জড়িত থকাৰ অভিযোগত মৰিগাঁৱত পুনৰ এজন জেহাদীক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে । মৰিগাঁও চহৰৰ মিলনপুৰৰ পৰা কালি সোধপোছৰ বাবে আটক কৰা আফছাৰ উদ্দিন ভূঁঞা নামৰ জেহাদীজনৰ কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠন এ কিউ আই এছ আৰু আনছাৰউল্লা বাংলা টিমৰ লগত জড়িত থকা তথ্য লাভ কৰা পিছতেই আজি মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে , মৰিগাঁও চহৰৰ মিলনপুৰত কম্পিউটাৰ দোকান দিয়াৰ লগতে টিউচন মাষ্টৰ হিচাপে পৰিচিত ধৃত আফছাৰ উদ্দিন ভূঁঞাৰ লগত ইতিমধ্যে জেহাদী কামকাজ তথা ইছলামিক মৌলবাদী সংগঠনৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হোৱা আৰু জেহাদীৰ নিয়ন্ত্ৰিত কক্ষ হিচাপে ব্যৱহাৰ কৰা মৈৰাবাৰী চহৰীয়া গাঁৱৰ জামিয়া উল হুদা মাদ্ৰাছাৰ প্ৰধান শিক্ষক মুফটি মোস্তাফাৰ লগত পোনপটীয়াকৈ যোগাযোগত থকাৰ উপৰিও বিত্তীয় লেনদেন কৰাৰ তথ্য লাভ কৰিছে মৰিগাঁও আৰক্ষীয়ে । ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে ধৰ্মীয় শিক্ষা প্ৰদানৰ নামত জেহাদী কাৰ্যকলাপ অনুশীলন চলা বুলি তথ্য লাভ কৰা মাদ্ৰাছা সমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা লগতে জেহাদী বিৰোধী অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে । উল্লেখ্য যে , মহাৰাষ্ট্ৰত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ৩৯ বছৰীয়া আফছাৰ উদ্দিন ভূঁঞাক দীৰ্ঘ সময় জেৰাৰ অন্তত মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ব্যক্তিজনৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবড়িত । এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে কয় যে , গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত মুফটি মুস্তাফা আৰু আফছাৰ উদ্দিন ভূঁঞা ইতিপূৰ্বে কলকাতাত গ্ৰেপ্তাৰ হোৱা অল কায়দা ইন ইণ্ডিয়ান চাব কণ্টিনেন্টৰ বাংলাদেশৰ আন ছাৰ উল বাংলা নামৰ কুখ্যাত মৌলবাদী সংগঠনটোৰ কুখ্যাত সদস্য অমিৰুদ্দিন । চাৰিৰ পৰা বিগত পাঁচ বছৰৰ অধিক কাল ধৰি অবৈধ ভাৱে ধন লাভ কৰি আহিছিল । আনহাতে , আজি কেইবাটাও চোৰাং চোৱা সংস্থা এন আই এ ,আই বি , অসম আৰক্ষীৰ এছ বি আদি দলে পৃথকে পৃথকে গ্ৰেপ্তাৰ হোৱা দুই জেহাদী স্লিপাৰ চেলক জেৰা কৰাৰ উপৰিও সোধা পোছাৰ বাবে আটক কৰা আন আঠ গৰাকীক জেৰা কৰে ।