মৰিগাঁৱত পেঞ্চন সেৱা আৰু কৃতজ্ঞতা ৱেবছাইট মুকলি কৰি মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

22
মৰিগাঁৱত পেঞ্চন সেৱা আৰু কৃতজ্ঞতা ৱেবছাইট মুকলি কৰি মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য , বৰ্তমান চৰকাৰৰ দিনত সকলোৰে জীৱনলৈ পৰিবৰ্তন আহিছে , ঘৰতে বহি সময় আৰু টকা খৰচ নোহোৱাকৈ সকলো সমস্যা সমাধান হৈছে , চৰকাৰে যাবতীয় পূঁজি যোগান নধৰা বাবে শিক্ষা বিভাগে একাংশ প্ৰধান শিক্ষকৰ পৰা দান বৰঙণি লৈ অনুষ্ঠিত কৰে পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠান
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ জুলাই : বৰ্তমান চৰকাৰৰ কাৰ্যকালত সকলোৰে জীৱনলৈ পৰিবৰ্তন আহিছে। সময় আৰু টকা খৰচ নোহোৱাকৈ সকলো সমস্যা ঘৰতে বহি সমাধান কৰিব পৰা পৰিবেশ আহিছে। মূল্যবৃদ্ধি আৰু জি এছ টি ৰ কেঁকোৰা চেঁপাত জনসাধাৰণে ত্ৰাহিমধূসূদন সোঁৱৰি সময়তে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি লগতে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই। আজি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চৌহদত এটা পেঞ্চন সেৱা কেন্দ্ৰ আৰু কৃতজ্ঞতা নামেৰে ৱেবচাইট মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা পেন্সন পোৱা কৰ্মচাৰী সকলৰ টেনচন দূৰ হ’ল। কোনেও পেঞ্চনৰ বাবে বিষয়া কৰ্মচাৰীৰ টেবুলৰ ওচৰত বোন্দাপৰ দিবলগীয়া নহয়। এই কেন্দ্ৰৰ যোগেদি অৱসৰ প্ৰাপ্ত আৰু অৱসৰৰ বাবে ৬ মাহ মান বাকী থকা বিষয়া কৰ্মচাৰী সকলৰ বিভিন্ন দিশ সমূহ চোৱা চিতা কৰি যথা সময়ত পেঞ্চন লাভ কৰিব পৰাকৈ সকলে দিশৰ সহায় আগবঢ়োৱা হব | এই কেন্দ্ৰটোত পেঞ্চনাৰ সকলে যাতে অলপ জিৰণি লৈ আৰামেৰে তেখেত সকলৰ নথি পত্ৰ জমা দিব পাৰে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে  হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। আনহাতে আজি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত উক্ত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ নিপুণ , মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ, পেঞ্চন সেৱা কেন্দ্ৰৰ নডেল বিষয়া হাবিবা উল্লাহ, বিভাগীয় মূৰব্বী বিষয়া, পেঞ্চনাৰৰ লগতে বহু সংখ্যক শিক্ষক কৰ্মচাৰী  উপস্থিত থাকে |আনহাতে অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যান আৰু বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মৰিগাঁও জিলা শিক্ষা বিভাগৰ কাৰ্য্যালয় চৌহদত পেঞ্চন সেৱা কেন্দ্ৰ আৰু কৃতজ্ঞতা ৱেবছাইট মুকলি কৰে যদিও উক্ত পেন্সন সেৱা কেন্দ্ৰ স্থাপন আৰু উদ্ধোধনী অনুষ্ঠানৰ বাবে অসম চৰকাৰে প্ৰয়োজনীয় পূঁজি যোগান নধৰা বুলি অভিযোগ উত্থাপন হৈছে। যাৰবাবে মৰিগাঁও শিক্ষা বিভাগে একাংশ প্ৰধান শিক্ষকৰ পৰা বৰঙণি সংগ্ৰহ কৰি অনুষ্ঠান আয়োজন কৰিবলগীয়া হোৱাটো পৰিতাপৰ বিষয়ৰূপে বিবেচিত হৈছে।