মৰিগাঁৱত বিশিষ্ট শিক্ষাবিদ , সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটৰ “শাৰদ ইন্দু পৰকাশি” গ্ৰন্থ উন্মোচন ,

31
মৰিগাঁৱত বিশিষ্ট শিক্ষাবিদ , সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটৰ “শাৰদ ইন্দু পৰকাশি” গ্ৰন্থ উন্মোচন , গ্ৰন্থ সমাজত ভাষা-সংস্কৃতি , জ্ঞান গভীৰ ক্ষেত্ৰত সুস্থ প্ৰভাৱ পেলাব পৰাকৈ সৃষ্টি কৰিব লাগে–অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী , একোখন গ্ৰন্থই পাঠকৰ মন চুব নোৱাৰিলে , সেইয়া কেতিয়াও গ্ৰন্থ হ’ব নোৱাৰে—উপ-সভাপতি মৃণালিনী দেৱী
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৪ আগষ্ট : প্ৰাচীন সভ্যতাৰ পৰা বিচলিত হৈ পশ্চিমীয়া সংস্কৃতিৰ দিশত ধাৱমান হোৱা নৱ-প্ৰজন্মক পুনৰ গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিব লাগিব । নৱ-প্ৰজন্মই গ্ৰন্থৰ প্ৰতি আকৃষ্ট হ’লে হে এখন সুস্থ সৱল সমাজে পূৰ্ণাংগ ৰূপ ল’বলৈ সক্ষম হ’ব । বৌদ্ধিক চিন্তা দৰ্শন অক্ষুণ্ণ ৰাখি বিশিষ্ট লেখক তথা সাহিত্যিক সকলে সমাজত আগবাঢ়ি যাবলৈ শিকাই আহিছে । যদি একোখন গ্ৰন্থই পাঠকৰ মন চুব নোৱাৰে , সেইয়া কেতিয়াও গ্ৰন্থ হ’বই নোৱাৰে—-মৰিগাঁৱত আজি এই মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে । সৃষ্টি প্ৰকাশৰ দ্বাৰা প্ৰকাশিত মৰিগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটৰ “শাৰদ ইন্দু পৰকাশি” নামৰ গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত কয় যে- গ্ৰন্থ সৃষ্টিকৰ্তাই কেৱল ব্যৱসায়িক তথা জীৱিকাৰ পথ হিচাপে লৈ সাহিত্যিক পেঞ্চনৰ বাবে গ্ৰন্থ সৃষ্টি কৰিব নালাগে । গ্ৰন্থই সমাজত ভাষা-সংস্কৃতি , জ্ঞান গভীৰ ক্ষেত্ৰত সুস্থ প্ৰভাৱ পেলাব পৰাকৈ সৃষ্টি কৰিব লাগে বুলি মৃণালিনী দেৱীয়ে মন্তব্য প্ৰকাশ কৰা উপৰিও তেওঁ পুনৰ কয় যে- বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটৰ “শাৰদ ইন্দু পৰকাশি” গ্ৰন্থই পঢ়ুৱৈ সমাজক এক নতুন ধাৰাৰ সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে । জ্যোতিষা মহন্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট কবি ড০ নন্দ সিং বৰকলাই গ্ৰন্থ অধ্যায়নৰ সহায়ত নতুন প্ৰজন্মই ভাষা , সংস্কৃতিক কেনেকৈ সংস্কাৰ সাধন কৰিব পাৰে , তাৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে । অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওঁটে গ্ৰন্থ খনৰ সৃষ্টিৰ ওপৰত জ্ঞান গভীৰ ভাষণ আগবঢ়ায় । সৃষ্টি প্ৰকাশৰ স্বতাধিকাৰী অজিত কুমাৰ ৰয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত জিলা খনৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত খনত জড়িত থকা বহু ব্যক্তি উপস্থিত থকাৰ লগতে বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া তথা সদস্যই অংশগ্ৰহণ কৰে ।