যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থাৰ অৱসান বিচাৰি বিধায়কক স্মাৰক পত্ৰ প্ৰদান

27

যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থাৰ অৱসান বিচাৰি বিধায়কক স্মাৰক পত্ৰ প্ৰদান

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , 20 জুলাইঃ যমুনামুখ সমষ্টিৰ প্ৰধান ৰাস্তা সমূহৰ শোচনীয় অৱস্থাৰ অৱসান বিচাৰি হেল্পিং কেয়াৰ এছছিয়েছনৰ সভাপতি কামাল হুছেইনে বিধায়ক চিৰাজ উদ্দিন আজমলক আজমল হাউচত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে সমাজ সেৱক দিলৱাৰ হুছেইন, মস্থাক হুছেইন, চিবিৰ হুছেইন আৰু হেল্পিং কেয়াৰৰ শুভাকাঙ্খী জাকাৰীয়া লস্কৰ। স্মাৰক পত্ৰখনত যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থাৰ কথা বলিষ্ঠভাৱে উপস্থাপন কৰা হয়। ৰাস্তাৰ দুৰৱস্থাই জ্বলাকলা খুৱাই থকা বিভিন্ন শ্ৰেণীৰ মানুহৰ সমস্যা সমূ্হ বিতংকৈ উত্থাপন কৰা হয় স্মাৰক পত্ৰখনত। বিধায়ক চিৰাজ উদ্দিন আজমলে প্ৰতিশ্ৰুতি দিয়ে যে অহা দহদিনৰ ভিতৰত চাৰিশ ডাম্পাৰ ৰাৱিছ দি ৰাস্তা সমূহ চলাচল কৰাৰ উপযোগী কৰি দিয়া হ’ব।