যোৰহাটত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ দ্বাৰা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

14
যোৰহাটত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ দ্বাৰা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
পংকজ কুমাৰ দাস, পশ্চিম যোৰহাট, ২৯জুলাই : অসম চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ অধীনত স্থাপন কৰা পেঞ্চন সেৱা কেন্দ্ৰটো আজি যোৰহাট জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত উদ্বোধন কৰা হয়।অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰৱেশদ্বাৰ মুকলি কৰে আৰু কেন্দ্ৰটিৰ জৰিয়তে পেঞ্চনাৰ সকল বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰে। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালী,বিজেপিৰ সভাপতি হেমন্ত কলিতা, অতিৰিক্ত উপায়ুক্ত( শিক্ষা) কবিতা কাকতি কোঁৱৰ, জিলাখনৰ বহুসংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ শোভলক্ষ্মী ৰাজকুমাৰীয়ে।