যৌতুক নিদিয়াৰ বাবেই এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা , আৰক্ষী আৰু ৰাইজৰ তত্পৰতাত উদ্বাৰ মহিলা গৰাকীক

22

যৌতুক নিদিয়াৰ বাবেই এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা , আৰক্ষী আৰু ৰাইজৰ তত্পৰতাত উদ্বাৰ মহিলা গৰাকীক

দুৰ্নীতিৰ দৰ্পণ , সৰুক্ষেত্রী : বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত কুৰিহাত যৌতুক নিদিয়াৰ বাবেই এগৰাকী বোৱাৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । বোৱাৰী নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ কয়াকুছি অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । মন কৰিবলগীয়া যে , প্ৰায় ১৮ মাহ আগত বৰপেটা জিলাৰ বেতবাৰী পাথাৰৰ আব্দুৰ ৰহমানৰ কন্যাৰ সৈতে কুৰিহা গাঁৱৰ ওহাব আলী আহমেদৰ পুত্ৰ আবুল কালাম আজাদে বিবাহ পাশত আবদ্ধ হয় । অভিযোগ অনুসৰি , যৌতুক বিচাৰি বহু দিনৰ পৰাই বোৱাৰী গৰাকীক স্বামী আবুল কালাম আজাদে নিৰ্যাতন চলাই আহিছে । উল্লেখ্য যে , ৰাতি ৮:০০ বজাত আবুল কালাম আজাদে পৰিয়ালৰ লোকৰ সৈতে মিলি নিজ পত্নীক বিভিন্ন ধৰণে মাৰপিট কৰাৰ লগতে ডিঙিত চিপ লগাই হত্যা কৰাৰ চেষ্টা চলায়। গাঁওবাসী আৰু মহিলা সমিতিৰ লোকে আৰক্ষীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰ উদ্দিন আহমেদ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। ঘটনা সম্পৰ্কে মহিলা গৰাকীৰ পিতৃ আব্দুৰ ৰহমানে কয়াকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে কয়াকুছি আৰক্ষীয়ে আবুল কালাম আজাদক আটক কৰিবলৈ সক্ষম হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি কয়াকুছি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাক কেন্দ্ৰ কৰি স্বপ্না মহিলা সমিতিয়ে জাঙোৰ খাই উঠাৰ লগতে আমছু কে ধৰি অন্যান্য দল সংগঠন সমূহেও ঘটনাটোক ধিক্কাৰ আৰু গৰিহণা দিছে। আটকাধীন আবুল কালাম আজাদক আইনে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে তাৰ বাবে আহ্বান জনাই স্থানীয় ৰাইজে।