লখিমপুৰৰ ঢেকীয়াজুলিত বৈজ্ঞানিক পদ্ধতিৰ কৃষিকাৰ্য

    23
    লখিমপুৰৰ ঢেকীয়াজুলিত বৈজ্ঞানিক পদ্ধতিৰ কৃষিকাৰ্য
    ষ্টাফ ৰিপৰ্টাৰ , আছাদুৰ ৰহমান , ১5 জুলাই : লখিমপুৰ জিলাৰ নাওবৈছা উন্নয়ন খণ্ডৰ অধীনস্থ ঢেকীয়াজুলিত  বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিছে কৃষি কাৰ্য।  যোৱা ৫ জুলাই তাৰিখ পৰা আজি লৈকে উত্তৰ লালুক গাওঁ পঞ্চায়তৰ ঢেকীয়াজুলিত তেজপুৰ সমাজ সেৱা সংগঠনৰ উদ্যোগত চলি থকা BMZ প্ৰজেক্টৰ চাৰি গৰাকী আদৰ্শ কৃষকক গোট হিচাপে লৈ এক হেক্টৰ মাটিত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে শালী খেতি আৰম্ভ কৰিছে। উল্লেখ যে বিধান তিৰো, সন্তোষ তিৰো, আসব ব্ৰাল্লা মাতিয়াছ বাৰ্যক বাচনি কৰি লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ APART PROJECT ৰ সহযোগত  বিনামূলীয়াকৈ এই খেতি আৰম্ভ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বিনামূলীয়া সাৰ, মেচেনাৰী সামগ্ৰী যোগান দিয়া বুলি জানিব পৰা গৈছে। এই ভূঁই ৰোপণ কাৰ্যসূচীত তেজপুৰ সমাজ কল্যান সংগঠনৰ লিড পাৰ্চন এঞ্জেলোচ তিৰকি,এনিমেটৰ গাব্ৰেল চান্দিগুৰিয়া, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সঞ্জয় কুমাৰ য়াদৱ IRRI, প্ৰচেনজিৎ ৰয় সহকাৰী  বিজ্ঞানী আৰু ৰিচাৰ্চ টেকনিচিয়ান দুৰ্লভ বৰাই অংশ গ্ৰহণ কৰে। সহকাৰী  বিজ্ঞানী প্ৰচেনজিৎ ৰয়ে সাংবাদিকক জানিব দিয়ে যে কঠিয়া সিঁচাৰ পৰা 21 দিনৰ ভিতৰত কঠিয়া ৰুই শেষ কৰিব লাগে। তদুপৰি এক হেক্টৰ মাটিত মাত্ৰ ৪০ কে জি ধানৰ কঠিয়াৰ প্ৰয়োজন হয়। এই পদ্ধতিৰে খেতি কৰিলে কৃষকৰ যথেষ্ট লাভ হোৱাৰ লগতে খৰচো যথেষ্ট কম হয়।