শান্তিপূৰ্ণ প্ৰতিবাদৰ ধাৰাবাহিকতা নিবনুৱা যুৱকৰ , নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থা আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষানবিছৰ ক’লা বেজ পৰিধানেৰে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসুচী 

17
শান্তিপূৰ্ণ প্ৰতিবাদৰ ধাৰাবাহিকতা নিবনুৱা যুৱকৰ , নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থা আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষানবিছৰ ক’লা বেজ পৰিধানেৰে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসুচী
জানমণি দত্ত , নুমলীগড় , ২৮ জুলাই : নুমলীগড় শোধনাগাৰৰ শিক্ষানবিছ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰা দ্বিতীয় বেটচৰ নিবনুৱা যুৱকসকলে স্থায়ী নিযুক্তিৰ দাবীৰে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কাৰিকৰী প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱকসকলে আজি গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ বেনাৰত একত্ৰিত হৈ ক’লা বেজ পৰিধান কৰি প্ৰখৰ ৰ’দতো এনআৰএল-এ কৰা প্ৰতিশ্ৰুতি ভংগৰ বিৰুদ্ধে উদ্যোগ প্ৰতিষ্ঠানটোৰ মুখ্য দ্বাৰত অৱস্থান কৰে৷ এই মাহৰে ১৮ তাৰিখে অৱস্থান ধৰ্মঘটেৰে শোধনাগাৰ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা এই যুৱকসকলে ২৫ তাৰিখেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ সেইদিনাই তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদৰ এলানি কাৰ্যসূচীৰ কথাও ঘোষণা কৰিছিল৷ আজিৰ ক’লা বেজ পৰিধানৰ প্ৰতিবাদো তাৰেই ধাৰাবাহিকতা৷ শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱা নিবনুৱা যুৱকসকলে কয় যে , এনআৰএল-এ দিয়া প্ৰতিশ্ৰুতিকে বিশ্বাস কৰি এটা স্থায়ী কৰ্মসংস্থাপনৰ আশাতে তেওঁলোকে বছৰৰ পাছত বছৰ অপেক্ষা কৰিছে ৷ কিন্তু সকলোৰে ধৈৰ্যৰো এটা সীমা থাকে৷ এনআৰএল-এ প্ৰতিশ্ৰুতি পূৰণ কৰি দ্বিতীয় বেটচৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষানবিছসকলক শীঘ্ৰেই স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকেও জংগী আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব ৷ উল্লেখ কৰিব পাৰি যে এনআৰএল-ক কেন্দ্ৰ কৰি নিজা নিজা স্বাৰ্থত নেতা হোৱাৰ আশাতে গঢ়ি উঠা অনেক দল সংগঠনে শ শ লোকক একত্ৰিত কৰি প্ৰতিবাদৰ নামত অৰাজক পৰিস্থিতি সৃষ্টি কৰি কাম আদায় কৰাৰ কৌশল গ্ৰহণ কৰি অহাৰ বিপৰীতে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ বেনাৰত যুৱকযুৱকসকলে ক’লা বেজ পৰিধান কৰি কৰা শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীয়ে আজি সাধাৰণ জনতাৰো হৃদয় চুই যায়৷ বঞ্চিত নিবনুৱা যুৱকসকলক ন্যায় প্ৰদানৰ বাবে এনআৰএল কৰ্তৃপক্ষ আৰু প্ৰশাসনে কি ব্যৱস্থা লয়, সেয়া সময়তহে স্পষ্ট হ’ব ৷