শালবাৰীত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

196
 শালবাৰীত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৩ জুলাই: ইউপিপিএলৰ শালবাৰী ব্লক সমিতি আৰু বিটিআৰৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ উদ্যোগত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকৰ দলৰ দ্বাৰা আজি শালবাৰীত বানাক্ৰান্ত ৰাইজৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আৰম্ভণিতে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যোষ্ঠ অধিবক্তা সঞ্জয় কুমাৰ মেধিয়ে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ক্ৰমেঃ বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়ো, শালবাৰীৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, শালবাৰী মহকুমা জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ বিউটি বসুমতাৰী, মিৰ্জাৰ ডায়েটৰ অধ্যাপক ড° হিমিলীনি বেজবৰুৱাই,শালবাৰী জিলা ইউপিপিএলৰ সভাপতি বিখন গয়াৰীয়ে। উল্লেখ্য যে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসক ক্ৰমে – ডা: প্ৰণৱ বৰুৱা, ডাঃ মুছতাফা আহমেদ, ডাঃ সুশীল বৰ্মণ, ডাঃ মৃদুল দাস, সাউদৰভিঠা চিকিৎসালয়ৰ চিকিৎসক ডাঃ চাইফুদ্দিন আহমেদ,শালবাৰীৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ উদ্দীপ্ত তালুকদাৰৰ লগতে কেইবাগৰাকীও চিকিৎসাকৰ্মীয়ে বৃহত্তৰ শালবাৰী অঞ্চলৰ তিনি শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা তথা স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ই চি জি, উচ্চ ৰক্তচাপ পৰীক্ষা,ছুগাৰ পৰীক্ষাও কৰা হয়। লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰে ৰোগীসকলক। তদুপৰি বহুকেইগৰাকী লোকক ক’ভিডৰ তৃতীয় পালি ভেকচিন অৰ্থাৎ প্ৰিকিউচন দোজ(Precaution Dose) দিয়ে শালবাৰী আদৰ্শ চিকিৎসালয় কৰ্তৃপক্ষই।