# শালবাৰীত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱা বিজয়ী উৎসৱ পালন

31
# শালবাৰীত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱা বিজয়ী উৎসৱ পালন
সঞ্জীৱ দাস, ভৱানীপুৰ,২১ জুলাই : ইউপিপিএলৰ শালবাৰী ব্লক সমিতিৰ উদ্যেগত শালবাৰীৰ সমূহীয়া প্ৰেক্ষাগৃহত আজি এখন দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয়।  ইউপিপিএলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত দলীয় সভাখনত শালবাৰী মহকুমাত ইউপিপিএলৰ দলীয় ‌স্থিতি সৱলীকৰণৰ উদ্দেশ্যে দলীয় সদস্যভৰ্তি অভিযানৰ সভাৰ উদ্বোধনী ভাষণ দিয়ে শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ তথা ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ উপ সভাপতি বিনোদ মুছাহাৰীয়ে।সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা শালবাৰী সমষ্টিৰ দলীয় তত্বাৱধায়ক খগেন বৈশ্যই শালবাৰী সমষ্টিত দলটোৰ স্থিতি অধিক শক্তিশালীকৰণৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে দলৰ কেন্দ্ৰীয় মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী,দলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিখন গয়াৰী,উপ সভাপতি বিনোদ মুছাহাৰী, প্ৰদীপ সৰকাৰ, সাধাৰণ সম্পাদক সুৰেশ সৰকাৰ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সদাগৰ বাদছাহ,হানিফ আলী আহমেদেও দলীয় সাংগঠনিক দিশ সৱলীকৰণৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে, আজি শালবাৰী সমষ্টিৰ পৰা বিনোদ মুছাহাৰী, হানিফ আলী আহমেদ আৰু সদাগৰ বাদছাহে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সক্ৰিয় সদস্য পদ গ্ৰহণেৰে শালবাৰী সমষ্টিত ইউপিপিএলৰ এমহীয়া সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভণি কৰে। আনহাতে সভাৰ অন্তত সহস্ৰাধিক ইউপিপিএলৰ নেতা-কৰ্মীয়ে শালবাৰী মহকুমা সদৰৰ ৰাজপথত আজি ৰাষ্ট্ৰপতি পদত বিজয়ী দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ বাবে উল্লাস প্ৰদৰ্শন কৰি বিভিন্ন শ্লোগানেৰে সমদল কৰে।