শালবাৰীত ‘হৰ ঘৰ তিৰংগা’ সজাগতা সমদল

23
 শালবাৰীত ‘হৰ ঘৰ তিৰংগা’ সজাগতা সমদল
সঞ্জীৱ দাস, ভৱানীপুৰ, ৬ আগষ্ট : জালাহ উন্নয়ণ খণ্ডৰ ব্লক মিছন মেনেজমেন্ট ইউনিট, এ এছ আৰ এল এমৰ অধীনত মানাহ চি এল এফৰ উদ্যেগত হৰ ঘৰ তিৰংগাৰ সজাগতাৰ বাবে শনিবাৰে শালবাৰীত মহিলাৰ মটৰ চাইকেল সমদল উলিওৱা হয়। দিনৰ এঘাৰ বজাত মটৰ চাইকেল সমদলৰ ফ্লেগ অন তথা উদ্বোধন কৰে শালবাৰী মহকুমাৰ মহকুমাধিপতি লক্ষ্যজ্যোতি দাস আৰু শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে। শতাধিক মহিলাই মটৰ চাইকেলেৰে পাঁচখন ভিচিডিচি ক্ৰমে- শালবাৰী, ঘোৰামাৰা, বৰফেণা, ৰামচাৰটাৰি আৰু ৰূপাফুলি এলেকাত হৰ ঘৰ তিৰংগাৰ সজাগতাৰ সমদল কৰে।