শিমলীতোলাত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,নাও সহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা 

27
শিমলীতোলাত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,নাও সহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ১২ জুলাইঃ বন বিভাগ নহয় চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে আস্কস্মিক অভিযান। জানিব পৰা মতে গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত শিমলীতোলাত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নাও সহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা।ৰংজুলি আৰু শিমলীতোলা আৰক্ষীয়ে যৌথ ভাবে চলায় এই অভিযান।দীৰ্ঘদিনৰ পৰা এটা দুষ্ট চক্ৰই শিমলীতোলা অঞ্চলত নীৰৱে চলাই গৈছিল চোৰাং কাঠৰ ৰমৰমীয়া বেহা।অৱশেষত আজি এক গোপন খৱৰৰ ভিত্তিত শিমলীতোলা পালপাৰা অঞ্চলৰ নৈৰ ঘাটত শিমলীতোলা আৰু ৰংজুলি আৰক্ষী যৌথ অভিযান চলাব লওঁতেই আগতীয়া খৱৰ লাভ কৰি চোৰাং কাঠ মাফিয়াই চোৰাং কাঠ ভৰ্তি নাওঁ পানীত ডুৱাই চোৰাং কাঠখিনি লৈ পানীৰ মাজেৰে পলায়ন কৰিব লওঁতেই আৰক্ষীয়ে নাটকীয় কায়দাত হাতেনাতে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং কঠৰ কুণ্ডা ৷পিছত আৰক্ষীয়ে  বন বিভাগৰ লোকক খৱৰ দিয়ে যদিও বহু পৰৰ পিছত ঘটনাস্থলীত ৰংজুলিৰ একাংশ বন কৰ্মী উপস্থিত হৈ আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠখিনি চমজি লয়।উল্লেখ্যযে ৰংজুলি বন বিভাগৰ নিস্ক্ৰিয়তা আৰু নীৰৱ ভূমিকাৰ ফলস্বৰূপেই দিনে নিশাই শিমলীতোলা অঞ্চলত দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে বুলি একাংশ ৰাইজে জানিবলৈ দিয়ে।