শিৱসাগৰত উপস্থিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু , পুষ্টি পুণৰসংস্থাপন কেন্দ্ৰৰ শুভ উদ্বোধন

30
শিৱসাগৰত উপস্থিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু , পুষ্টি পুণৰসংস্থাপন কেন্দ্ৰৰ শুভ উদ্বোধন
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ২৯ জুলাই : অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু আজি শিৱসাগৰত উপস্থিত হয় । শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলা অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ উপৰিও অসম চৰকাৰৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া , শিৱসাগৰ জিলাৰ উপায়ু্ক্ত মেঘ নিধি দাহাল , জিলা উন্নয়ণ আয়ুক্ত শোভন গোৱলা , বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ , শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত , সমাজ কৰ্মী সুৰভি ৰাজকুমাৰী , ময়ুৰ বৰগোঁহাইৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিভাগীয় মূৰব্বীসকল উপস্থিত থাকে । ভাষণ প্ৰসঙ্গত মন্ত্ৰী পেগুৱে শিক্ষা বিভাগৰ চৰকাৰী কাৰ্যাৱলীকে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যৰ সমাপন প্ৰক্ৰিয়া ইতিমধ্যে অনলাইন যোগে হৈ থকাৰ কথা উল্লেখ কৰে । আৰু এই অনলাইন প্ৰক্ৰিয়াটোৱে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো আগুৱাই যোৱাত প্ৰভুতভাৱে সহায় কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । ঠিক তেনেদৰে জিলা উপায়ুক্ত দাহালে আজি উদ্বোধন কৰা কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰটোৱে অনাগত দিনত পেঞ্চনাৰ সকলক সহজভাৱে তেওঁলোকৰ পেঞ্চন লাভ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে , অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে “কৃতজ্ঞতা”ৰ সুবিধা প্ৰদান কৰা হৈছে । পেঞ্চনাৰৰ বাবে “কৃতজ্ঞতা”ৰ ওৱান ষ্টপ ডিজিটেল সুবিধা সমূহ হৈছে -সকলো অংশীদাৰৰ বাবে এচ.এম.এচ এলাৰ্ট পঠোৱা হয় আৰু কোষাগাৰ প্ৰণালীৰ সৈতে একত্ৰিকৰণ কৰা হৈছে । ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত পুষ্টি পুণৰ সংস্থাপন কেন্দ্ৰ উদ্বোধন কৰে ।