শিৱসাগৰত উপায়ুক্ত মেঘ নিধি দাহালৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন

28
শিৱসাগৰত উপায়ুক্ত মেঘ নিধি দাহালৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , অমৃত কুমাৰ শৰ্মা : শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালৰ অধ্যক্ষতাত ১২ জুলাইত জুন মাহৰ জিলা উন্নয়ন সমিতিৰ সভাখন অনুষ্ঠিত হৈ যায় । সভাৰ আৰম্ভণিতে উপায়ুক্ত গৰাকীয়ে আগন্তুক ১৫ জুলাইৰ পৰা আৰম্ভ কৰি ১৫ আগষ্টলৈকে বিভাগীয় চৰকাৰী কাৰ্য্যালয় আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানত গছ পুলি ৰোপন কাৰ্য্যসূচী সম্পন্ন কৰাৰ কথা সকলো বিভাগীয় মুৰব্বীক অৱগত কৰে। স্থানীয় আৰু সহজলভ্য গছ পুলি ৰোপনৰ দ্বাৰা কাৰ্য্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ এই আঁচনিৰ দ্বাৰা শুভাবৰ্দ্ধন কৰিব পৰা যাব বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে। আজিৰ সভাত বিশেষকৈ জিলাখনৰ মূল আঁচনিসমূহ ৰূপায়ণ কৰা বিভাগসমূহে যাতে স্থানীয় পৰ্য্যায়ত পঞ্চায়তক সাঙুৰি লৈ উন্নয়নমূলক কামসমূহ হাতত লয় তাৰ ওপৰত উপায়ুক্ত গৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা যায় । সভাত জিলাখনৰ সকলো বিভাগৰ মুৰব্বীসকলে কামৰ অগ্ৰগতিৰ খতিয়ান উপায়ুক্তক অৱগত কৰে । এই জিলা উন্নয়ন সমিতিৰ সভাত উপায়ুক্ত দাহালৰ উপৰিও জিলা উন্নয়ন আয়ুক্ত শোভণ গোৱালা, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, অতিৰিক্ত উপায়ুক্তত্ৰয়, কৰ্মদেৱ ব্ৰহ্ম, চন্দনা বৰুৱা, বিতোপন নেওগ, নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ লগতে জিলাৰ বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে ।