শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী, তথা মানৱ দৰদী যুৱক মুজিদ আলিলৈ ডঃ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান

24
শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী, তথা মানৱ দৰদী যুৱক মুজিদ আলিলৈ ডঃ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ২০ জুলাই : শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী, তথা উদীয়মান যুৱক মুজিদ অলীক ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। বাবু জগ জীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডমীৰ উদ্যোগত দিল্লীৰ বংগ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত অনুষ্ঠানত যুৱ নেতা গৰাকীক ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। বৃহত্তৰ আমগুৰি অঞ্চলৰ পৰা আৰম্ভ কৰি সমগ্ৰ শিৱসাগৰ জিলাতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা মুজিদ আলিয়ে বিগত প্ৰায় বহু বছৰৰ পৰা সমাজৰ দৰিদ্ৰ লোকসকলক নিজৰ একমাত্ৰ প্ৰচেষ্টাৰে সহায় কৰি অহাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কাম কৰি আহিছে। উল্লেখ্য যে এইগৰাকী যুৱ সমাজকৰ্মী ডঃ বি আৰ আম্বেদকাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিভিন্নজনে সমাজকৰ্মী গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে সমাজকৰ্মী মুজিদ আলিয়ে উক্ত বঁটাটি গ্ৰহণ কৰি পংকিল পথৰ কন্তকময় যাত্ৰাত আগুৱাই গৈ এই পৰ্য্যায়ত উপনীত হোৱাত উৎসাহ আৰু সহকামিতা আগবঢ়োৱা সকলো অনুগামীলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি সময়ত অধিক উৎসাহ আৰু উদ্যমেৰে সমাজৰ কল্যাণৰ হকে অনাগত দিনত কাম কৰি যাবলৈ সকলোৰে আশীৰ্বাদ কামনা কৰে।