শেহতীয়া বানপানীত কামৰূপ জিলাৰ ক্ষতিগ্ৰস্ত গৃহৰ তালিকাৰ পুনৰীক্ষণ (cross-verification)ৰ বাবে কামৰূপ মহানগৰ জিলাৰ শিক্ষা আৰু বন বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা পুনৰীক্ষণ গোট গঠন

32
শেহতীয়া বানপানীত কামৰূপ জিলাৰ ক্ষতিগ্ৰস্ত গৃহৰ তালিকাৰ পুনৰীক্ষণ (cross-verification)ৰ বাবে কামৰূপ মহানগৰ জিলাৰ শিক্ষা আৰু বন বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা পুনৰীক্ষণ গোট গঠন
পুনৰীক্ষণৰ কাম অতি ভালদৰে কৰাৰ বাবে গোট সমূহক জিলাৰ অভিভাৱক মন্ত্ৰীৰ নিৰ্দেশ
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৩ জুলাই : শেহতীয়া বানপানীত কামৰূপ জিলাৰ আংশিক তথা সম্পূৰ্ণকৈ ক্ষতিগ্ৰস্ত হোৱা গৃহৰ তালিকাৰ ভিত্তিত ইয়াৰ যথাৰ্থতাৰ পুনৰীক্ষণৰ বাবে কাইলৈৰ পৰা পুনৰীক্ষণ গোট সমূহে ক্ষতিগ্ৰস্ত গাওঁ সমূহৰ তালিকাভুক্ত ক্ষতিগ্ৰস্ত গৃহৰ ২০ শতাংশ পুনৰীক্ষণ কৰিব । এই উপলক্ষে আজি জিলাৰ অভিভৱক মন্ত্ৰী তথা বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত কামৰূপ মহানগৰ জিলাৰ শিক্ষা আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ২৫ টা গোট গঠন কৰা হয়। উল্লেখ্য যে বান ক্ষতিগ্ৰস্ত গৃহৰ ক্ষয়-ক্ষতিৰ পুনৰীক্ষণৰ বাবে অন্য জিলাৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা গঠিত গোটৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বাবে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগৰ  ৩০ গৰাকী আৰু বন বিভাগৰ ৪৫ গৰাকী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা সৰ্বমুঠ ২৫ টা গোট গঠন কৰা হৈছে। এই গোট সমূহে কাইলৈৰ পৰা ৩ দিনৰ ভিতৰত উত্তৰ কামৰূপৰ সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰঙিয়া, কমলপুৰ,  উত্তৰ গুৱাহাটী, কঞা আৰু হাজো ৰাজহ চক্ৰৰ অধীনৰ গাওঁ সমূহলৈ গৈ ইতিমধ্যে ৩ টা পৰ্যায়ত পৰীক্ষা কৰি জিলা দুৰ্যোগ প্ৰাধিকৰণৰ ৩ খন বৈঠকত নীতিগতভাৱে অনুমোদন জনোৱা ২০ শতাংশ গৃহৰ থিতাতে (random) পুনৰীক্ষণ (cross-verification) কৰিব। উল্লেখ্য যে শেহতীয়া বান-পানীৰ পিছৰ পৰ্যায়ত জিলাখনৰ শিৱিৰত থকা সৰ্বমুঠ ৮৭৯৯ সংখ্যক বানাক্ৰান্তক বাচন-বৰ্তন তথা কাপোৰ ক্ৰয়ৰ শিতানত প্ৰত্যেকলৈ ৩৮০০ টকাকৈ বেংকৰ একাউণ্টৰ জৰিয়তে প্ৰদান কৰাৰ উপৰি জিলাখনৰ সৰ্বমুঠ ২২০৪ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ১,০০০ টকাকৈ কিতাপ তথা শিক্ষাৰ আচবাব ক্ৰয়ৰ বাবে জি. আৰ. অনুদান প্ৰদান কৰা হৈছে। আনহাতে জিলাখনৰ ভিলেজ লেভেল লেণ্ড কনজাৰভেশ্যন এণ্ড ডিজেষ্টাৰ মেনেজমেন্ট কমিটিয়ে (VLCDMC)বানত ক্ষতিগ্ৰস্ত গৃহৰ তালিকা প্ৰস্তুত কৰাৰ পিছত চাৰ্ক’ল লেভেল টাস্ক ফৰ্চৰ অনুমোদন তথা পুনৰীক্ষণৰ পিছত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ ক্ৰমাগত ৩খন বৈঠকত ক্ষতিগ্ৰস্ত গৃহৰ তালিকাত  নীতিগত অনুমোদনৰ পিছত ক্ষতিগ্ৰস্ত গাওঁৰ এখন বিদ্যালয়ত এই তালিকা আৰি দিয়াৰ উপৰি ওজৰ-আপত্তি  দাখিলৰ ব্যাৱস্থা কৰা হৈছিল। ইয়াৰ পিছতে চক্ৰবিষয়া তথা দণ্ডাধীশ পৰ্যায়ৰ বিষয়াই কেঁচা গৃহ ক্ষতিগ্ৰস্তৰ ১শতাংশ আৰু সম্পূৰ্ণ ক্ষতিগ্ৰস্ত গৃহ সমূহৰ সম্পূৰ্ণ পুনৰীক্ষণ কৰিছে। এতিয়া চতুৰ্থ পৰ্যায়ত অন্য জিলাৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা গঠিত গোট সমূহে ইয়াৰ   পুনৰীক্ষণ (cross-verification) কৰিব যাতে কোনো এগৰাকী প্ৰকৃত গৃহ ক্ষতিগ্ৰস্ত এই তালিকাৰ পৰা বাদ নপৰে আৰু কোনো এগৰাকী বিনাক্ষতিগ্ৰস্তৰ নাম যাতে এই তালিকাত অন্তৰ্ভুত নহয়। আজি অনুষ্ঠিত এই বৈঠকত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে পুনৰীক্ষণ গোট সমূহৰ দ্বাৰা কৰিবলগীয়া কাম-কাজৰ সবিশেষ সামৰি বক্তব্য প্ৰদানৰ লগতে বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে ইয়াৰ সৱিশেষ সামৰি এক প্ৰেজেন্টেশ‍্যন আগবঢ়ায়। বৈঠকত অংশগ্ৰহণ কৰি জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোনো এগৰাকী প্ৰকৃত বানত গৃহ ক্ষতিগ্ৰস্তৰ নাম যাতে তালিকাৰ পৰা বাদ নপৰে আৰ অনা ক্ষতিগ্ৰস্ত কোনো এগৰাকীৰ নাম যাতে অন্তৰ্ভূক্ত নহয় সেইটো নিশ্চিত কৰিবলৈ দিছে। সেয়েহে পুনৰীক্ষণ গোট সমূহে এই কামখিনি অতি নিষ্ঠাৰে কৰিব লাগিব বুলি তেওঁ কয়। উল্লেখ্য যে উত্তৰ কামৰূপৰ ৫টা ৰাজহ চক্ৰ তথা চমৰীয়া ৰাজহ চক্ৰৰ এটা গৃহকে ধৰি শেহতীয়া বানত জিলাখনৰ সৰ্বমুঠ ২০,৩৬৫ টা গৃহ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে অধিকাংশ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আজিৰ বৈঠকত জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ উপৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে।