সত্ৰীয়া নৃত্য আৰু বৰগীতৰ সুবাসেৰে মুখৰিত বংগৰ মধুপুৰ সত্ৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ১৪ জুলাই : সত্ৰীয়া সংস্কৃতিৰ ১০ দিনীয়া কৰ্মশালা আৰম্ভ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জাতিৰ জনক মহপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি উত্তৰবঙ্গৰ কোচবিহাৰত অৱস্থিত ঐতিহাসিক মধুপুৰ সত্ৰত ১৪ জুলাইৰ পৰা ২৫ জুলাই তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া মহাপুৰুষ দুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্য আৰু বৰগীতৰ ১০ দিনীয়া কৰ্মশালা আজি ১৪ জুলাই তাৰিখে এক মাংগলিক আৰু আধ্যাত্মিক পৰিৱেশত শুভ উদ্বোধন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মধুপুৰ সত্ৰৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিৰ যোগে জনাই যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ঐক্যান্তিক প্ৰচেষ্টা আৰু সহযোগত মধুপুৰ সত্ৰ সমিতিৰ দ্বাৰা আয়োজিত এই কৰ্মশালাত উত্তৰবঙ্গৰ আমগুৰি সত্ৰ, হৰিপুৰ সত্ৰ, মধুপুৰ সত্ৰ, জলপাইগুৰিত স্থাপিত নামঘৰৰ বংগভাষী যুৱক-যুৱতী আৰু মহিলাৰ লগতে বঙাইগাঁও জিলাৰ মানিকপুৰ গীতা সত্ৰৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্তৰ কেইবাগৰাকীও বংগভাষী প্রশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে। প্ৰায় ৬০ গৰাকী প্রশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণত কোচবিহাৰ জিলাৰ কেইবাগৰাকীও সনামধন্য শিল্পীয়ে অংশ গ্ৰহণ কৰাটো এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে ।
মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা কৰ্মশালাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে মহাপুৰুষজনাৰ চহকী আৰু সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ উত্তৰবঙ্গত প্ৰচাৰ-প্ৰসাৰ আৰু অধ্যয়নৰ এক নিৰ্মল পৰিৱেশ গঢ়ি তোলাৰ বাবে এনেধৰণৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত সাধাৰণ সম্পাদক গৰাকীয়ে মহাপুৰুষ শঙ্কৰদেৱে জীৱনৰ অন্তিম দিনকেইটা কোচবিহাৰ অঞ্চলত অতিবাহিত কৰাৰ সময়ৰ পৰা বংগ আৰু অসমৰ মাজৰ ঐক্য আৰু সংহতিৰ বান্ধোন এনেধৰণৰ কৰ্মশালাৰ জৰিয়তে অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে। এই কৰ্মশালাত উত্তৰবঙ্গৰ বিভিন্ন অঞ্চলৰ পৰা অহা বংগভাষী যুৱক-যুৱতীৰ অংশ গ্ৰহনে মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা লৈ এক অমূল্য অৱদান আগবঢ়াব। উদ্বোধনী অনুষ্ঠানত মধুপুৰ সত্ৰৰ ভকত-বৈষ্ণৱৰ লগতে উপ-সভাপতি বনমালী পাঠক আৰু সম্পাদক হৰিদেৱ দাস উপস্থিত থাকি অনুষ্ঠানটোৰ আঁত ধৰে। প্ৰশিক্ষণ প্ৰদান কৰিছে বৰপেটা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়ন, বিজয় বায়ন আৰু গীতিকা মেধিয়ে।