সদৌ অসম টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক লাভ বালিসত্ৰৰ হৃদয় পৰশ দাসৰ

37
সদৌ অসম টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক লাভ বালিসত্ৰৰ হৃদয় পৰশ দাসৰ
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ২১ জুলাইঃ সদৌ অসম টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক লাভ বালিসত্ৰৰ হৃদয় পৰশ দাসৰ । উল্লেখনীয় যে , বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয় খেল পথাৰত ৩৭ সংখ্যক সদৌ অসম ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতা অনুষ্ঠিত হয়।উক্ত প্ৰতিযোগিতাত কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰ নিবাসী  হৃদয় পৰশ দাসে ৰূপৰ পদক লাভ কৰি অঞ্চলটোৰ লগতে ৰাজ্য খনৰ  সুনাম কঢ়িয়াই আনিছে । উল্লেখ্য যে , হৃদয় পৰশ দাসে ২০২০ চনৰ জানুৱাৰীত অনুষ্ঠিত মুম্বাইৰ নাচিকত ৰাষ্ট্ৰীয় টাং ছ’ ড’ চেম্পিয়নশ্বিপত সোণৰ  পদক লাভ কৰিবলৈ সক্ষম হৈছিল । বালিসত্ৰৰ পংকজ কুমাৰ দাস আৰু সংগীতা দাসৰ সুযোগ্য পুত্ৰ হৃদয় হৃদয় পৰশ দাসে সদৌ অসম ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাত অঞ্চলবাসী অতি উৎফুল্লিত। খেলুৱৈ হৃদয় পৰশ দাসে ৰূপৰ পদক লাভ কৰি আজি নিজ বাসগৃহ আহি পোৱাৰ লগে লগে বালিসত্ৰ আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ সম্পাদক সুশীল চন্দ্ৰ ডেকা, শিবানী সংঘৰ সম্পাদক অবিনাশ কলিতা ,সমাজসেৱক বাসব চন্দ্ৰ কলিতা , যুৱ সমাজসেৱক তিলক ডেকা , মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গনেশ কলিতা ই গামোছা শৰাই আদিৰে সম্বৰ্ধনা জনায় ।  লেংডন টাইকোৱানডো একাডেমী,গুৱাহাটীৰ প্ৰশিক্ষক নৱজিৎ বৰ্মনৰ তত্বাৱধানত হৃদয় পৰশ দাসে প্ৰশিক্ষণ লৈ আছে।