সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ -২০২২ ত দৰঙৰ সাফল্য , প্ৰশিক্ষকৰ অভূতপূৰ্ব সঁহাৰিত উজ্বলিল কেইবাজনো ছাত্ৰ ছাত্ৰী

34

সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ -২০২২ ত দৰঙৰ সাফল্য , প্ৰশিক্ষকৰ অভূতপূৰ্ব সঁহাৰিত উজ্বলিল কেইবাজনো ছাত্ৰ ছাত্ৰী

দুৰ্নীতিৰ দৰ্পণ সেৱা , দলগাওঁৰ পৰা আনোৱাৰ হুছেইন , দলগাওঁ , ২০ জুলাই : দৰং জিলাত দলগাওঁস্থিত দলগাওঁ আদৰ্শ ডিগ্ৰী কলেজত অনুস্থিত হোৱা এক অনুষ্টোপিয়া সভাত যোৱা ইংৰাজী ১৫ , ১৬ আৰু ১৭ জুলাই তাৰিখে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ যোৱা সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ – ২০২২ ত দৰঙৰ কেইবা গৰাকী প্ৰশিক্ষৰ্থিয়ে সুনাম কঢ়িয়াই আনে । ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পূৰ্যয়ৰ প্ৰশিক্ষক ৰহমান আলি আৰু ছেইখ আলাউদ্দিনৰ অভূতপূৰ্ব প্ৰচেষ্টাত উজ্বলিল কেইবাজনো ছাত্ৰ ছাত্ৰী । সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ -২০২২ ত দৰঙৰ দলগাওঁৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ক্ৰমে হাজেৰা খাতুন , মেহেক আমণ , দেবাশিশ নাথ , চাকিব আহমেদ , নুৰ ইছলাম , আশ্ৰুফ জান্নাত , জয়শ্ৰী বৰোকে আদি কৰি ৭ জনে সোণৰ পদক , ৬ জনে ৰূপৰ পদক আৰু চাৰিজনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । সভা খনত সকলোকে ফুলাম গামোচা , মেডেল আৰু মানপত্ৰৰে সম্ভাষণ জনোৱা হয় । সভাত খাৰূপেটিয়া মহাবিদ্যালয়ৰ অধ্যাপক শিকদাৰ আনোৱাৰুল ইছলাম , দলগাওঁ আদৰ্শ ডিগ্ৰী কলেজৰ অধ্যক্ষ ফিলছুপ উদ্দিন আহমেদ , প্ৰশিক্ষক ৰহমান আলিৰ লগতে কেইবাজনো অতিথি উপস্থিত থাকে । নিজক লগতে আনকো সকলো সময়তে সুৰক্ষিত কৰাৰ বাবেই এই থাই বক্সিংৰ খুবেই প্ৰয়োজন বুলি কলে প্ৰশিক্ষক গৰাকীয়ে । সকলোকে দেশ জাতিৰ সেৱা কৰিবলৈ আহ্বান জনায়।