সদৌ গুৱাহাটী আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতাত উত্তৰ গুৱাহাটী স্বোৱান এচোছিয়েশ্যনৰ‌‌ ৫ টা সোণ ৪ টা‌ ৰূপ আৰু ৫ টা ব্ৰঞ্জ‌ সহ মুঠ ‌১৪ টা‌‌ পদক অৰ্জন , উত্তৰ গুৱাহাটীত সম্বৰ্ধনা

58

সদৌ গুৱাহাটী আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতাত উত্তৰ গুৱাহাটী স্বোৱান এচোছিয়েশ্যনৰ‌‌ ৫ টা সোণ ৪ টা‌ ৰূপ আৰু ৫ টা ব্ৰঞ্জ‌ সহ মুঠ ‌১৪ টা‌‌ পদক অৰ্জন , উত্তৰ গুৱাহাটীত সম্বৰ্ধনা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২ আগষ্ট : নৰ্থ ইষ্ট ফণ্টিয়াৰ ৰেলৱে স্পৰ্চ এচোছিয়েশ্যনৰ উদ্যোগত ‌যোৱা‌ ৩১ জুলাইত মালিগাঁৱৰ ৰেলৱে চুইমিং পুলত অনুষ্ঠিত সদৌ গুৱাহাটী আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতাত উত্তৰ গুৱাহাটীৰ জি এম ডি চুইমিং পুলত স্বোৱান এচোছিয়েশ্যনৰ‌‌ ‌তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈ সকলে অংশ গ্ৰহন কৰি ৫ টা সোণ ৪ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জ সহ মুঠ ‌১৪টা‌‌ পদক অৰ্জন কৰি উত্তৰ গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত কালি পদক প্ৰাপ্ত খেলুৱৈ সকলক উত্তৰ গুৱাহাটী জিএম ডি এ ছুইমিং পুলত সম্বৰ্দ্ধনা জনোৱাৰ বাবে স্বোৱান এচোছিয়েশ্যনৰ‌‌ ‌উদ্যোগত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্বোৱান এচোছিয়েশ্যনৰ‌‌ প্ৰশিক্ষক লম্বোধৰ ডেকাই। সভাত পদক প্ৰাপ্ত খেলুৱৈ সকলৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে স্বোৱান এচোছিয়েশ্যনৰ‌‌ প্ৰশিক্ষক সকল ক্ৰমে লম্বোধৰ ডেকা, প্ৰশান্ত দাস, শচীন দাস, অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মা, সাংবাদিক দ্বয় ক্ৰমে ‌ৰূপক ডেকা আৰু মুকুটেশ্বৰ গোস্বামী, স্বোৱান এচোছিয়েশ্যনৰ‌‌ পদ্ম ধীৰাজ দাস, কিশোৰ ভূঞাঁ আৰু ৰঞ্জন শৰ্মাই। পদক প্ৰাপ্ত খেলুৱৈ সকলৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰি অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মাই খেলুৱৈ সকলক নিয়মিত অনুশীলনৰ যোগেদি প্ৰত্যেক গৰাকী খেলুৱৈক বিশ্বদৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায়।‌ কালি সম্বৰ্ধনা জনোৱা পদক প্ৰাপ্ত খেলুৱৈ সকল ক্ৰমে নিয়ান কাশ্যপ, কংকন‌ কলিতা, ধৃতিৰাজ বৰুৱা, মৃগাংক শইকীয়া, হীৰক জ্যোতি বৈশ্য, ধ্যান ‌জ্যোতি বৈশ্য, তন্ময় কাশ্যপ আৰু তনিস্থা ডি কাশ্যপ আছিল বুলি জানিব পৰা গৈছে।