সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

26
সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২১ জুলাই : সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত আজি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলেই আঁত ধৰা এই অনুষ্ঠানত সভাপতি কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালে । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামীয়ে উদ্ধোধন কৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনৰ সামাজিক দায়বদ্ধতাৰে সমাজৰ হৈ কাম কৰিবলৈ উপস্থিত ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , শিক্ষাবিদ ড০ পৰাগ ঠাকুৰে ছাত্ৰ ছাত্ৰী সকলক ভাষা আৰু জন্মভূমিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে জীৱন যুদ্ধত সাহসিকতাৰে আগবাঢ়ি যাবৰ বাবে প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় । অন্যহাতে , জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক পৰিকল্পিত ভাৱে জীৱনৰ লক্ষ্য নিৰ্বাচন কৰাৰ লগতে কেনেধৰণে এটা উপযুক্ত কেৰিয়াৰ নিৰ্বাচন কৰিব লাগে , তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য শশধৰ গগৈ , সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মৃদুল শইকীয়া , শান্তনু দত্ত আদি উপস্থিত থাকে । ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ পৰিচালন সঞ্চালক ড০ লাচিত বৰুৱাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত জিলা খনৰ প্ৰায় পাঁচ শতাধিক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা (৮৫%) ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । লগতে ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ণ কৰা শিক্ষানুষ্ঠান সকলৰ মুৰব্বী সকলকো বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । বীৰাংগনা সাধনী কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠানটো সাফল্য মণ্ডিত কৰে ।
সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সংবাদ মাধ্যমৰ মন্তব্য
জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ অসুস্থতা সম্পৰ্কেও মন্তব্য আগবঢ়ায় । শিল্পীগৰাকী শীঘ্ৰে সুস্থ হৈ উঠিবলৈ ভগৱানক প্ৰাৰ্থনা জনায় । তদুপৰি গোলাঘাট কাৰাগাৰত কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । চৰকাৰৰ আক্ৰোশৰ বলি হোৱা বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা ঘটনা গনতন্ত্ৰৰ বাবে অশুভ লক্ষণ বুলি উল্লেখ কৰে । ৰাজ্যত সম্প্ৰতি বহুল চৰ্চিত আচাৰ্য পংকজ পাঠকে মহিলা সমাজক অপমান কৰা ঘটনাক গৰিহনা প্ৰদান কৰি গ্ৰেপ্তাৰৰ দাবী কৰে।