সফলতাৰে সামৰণি পৰিল কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশন , গুঞ্জৰিত কপাহেৰা উন্মোচন

    31
    সফলতাৰে সামৰণি পৰিল কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশন , গুঞ্জৰিত কপাহেৰা উন্মোচন
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৩ জুলাই : মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত অন্যতম সক্ৰিয় শাখা হিচাপে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সুনাম আছে। ইতিমধ্যে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ২০২১-২০২৩ কাৰ্যবৰ্ষৰ মধ্যকালীন অধিৱেশনখন বুধবাৰে সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনিৰ শুভাৰম্ভণি হয় সন্মিলনৰ পতাকা উত্তোলনেৰে। কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্জ্বলন কৰে সুৰকান্ত বৰাই আৰু স্মৃতি তৰ্পণ কৰে দিবেন্দ্ৰ নাথে। দিনৰ এঘাৰ বজাত অনুষ্ঠিত হয় আজীৱন সভ্যৰ সন্মিলন। আজীৱন সভ্যৰ সন্মিলনখনি সঞ্চালনা কৰে যাদৱ চন্দ্ৰ ফুকনে। আজীৱন সভ্যৰ সন্মিলনত উপস্থিত সদস্যসকলে অন্তৰঙ্গ আলাপত অংশ গ্ৰহণ কৰে। ইয়াৰ পাছতে বিয়লি ২ বজাৰ পৰা মুকলি সভা আৰু কবিতা পাঠৰ অনুষ্ঠান ৰূপায়িত হয়। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে  মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমান, সম্পাদক মাধৱ চন্দ্ৰ ডেকা, উপসভাপতি অনিৰূদ্ধ ডেকা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জিলাৰ উপসভাপতি ভৱেন চন্দ্ৰ নাথ আৰু প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় মনোজ কুমাৰ দেওৰজা আৰু চন্দন গোস্বামী, জিলা সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া, প্ৰচাৰ সম্পাদক জয়ন্ত সাগৰ শইকীয়া, জিলা উপদেষ্টা দেৱেন দাস আৰু জিলা সাংগঠনিক সম্পাদক ভৰত কুমাৰ নাথ উপস্থিত আছিল।কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাখনিৰ শুভাৰম্ভণি হৰ্ষৰাজ ডেকাই গুৰুজনাৰ সৃষ্টি এটি বৰগীত পৰিবেশনৰ জৰিয়তে কৰা হয় । শিল্পী গৰাকীক বাদ্যযন্ত্ৰত সহায় কৰে পৱিত্ৰ শইকীয়া, সীমান্ত ডেকা, হোমেন ডেকা আৰু তনুশ্ৰী ডেকাই। মুকলি সভাতে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ কাব্য পত্ৰিকা গুঞ্জৰিত কপাহেৰাৰ চতুৰ্থ সংখ্যাটো আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা উন্মোচন কৰা হয়। তীৰ্থ নাথ বৰুৱাৰ দ্বাৰা সম্পাদিত এই সংখ্যাটোৰ উন্মোচনী ভাষণ প্ৰদান কৰে আবুল হাছেম আল আমানে । বিশিষ্ট কবি অনিৰূদ্ধ ডেকা আৰু ভৱেন চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবিতা পাঠৰ অনুষ্ঠানটিৰ আতঁ ধৰে জিলা সম্পাদক মাধৱ চন্দ্ৰ ডেকা, শাখাৰ সম্পাদক পাৰ্থ প্ৰতিম বৰা আৰু শাখাৰ সহকাৰী সম্পাদক কৃষ্ণ কান্ত ডেকাই। উক্ত অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট অতিথিসকলে কবিতা বিষয়ক ভাষণ প্ৰদান কৰে। অঞ্চলটোৰ কাব্যপ্ৰাণ বিশিষ্ট ব্যক্তি যাদৱ চন্দ্ৰ ফুকন, সুৰকান্ত বৰা, মাঘৰাম দেউৰী, নিখিল ৰঞ্জন গোস্বামী, দিবেন্দ্ৰ নাথ, কল্পনা বৰা, চুমি কপাহেৰা, প্ৰহ্লাদ লাহন, দীপ সংগীত বৰুৱা, তীৰ্থ নাথ বৰুৱা আদিৰ লগতে উপস্থিত থকাৰ লগতে কবিতা পাঠেৰে অনুষ্ঠানটো সফল কৰি তোলে সন্ধ্যা মজুমদাৰ, অঞ্জলী বৰা, অচ্যুত কৃষ্ণ শইকীয়া, পুলক চন্দ্ৰ বৰদলৈ, দীপাংকৰ নাথ, নিভাৰাণী বৰা, শৰ্মিষ্ঠা বৰা, ইন্দ্ৰজিত বৈশ্য, দণ্ডি ডেকা, অৰ্চনা ডেকা, অনামিকা বড়া, দৰ্শনা দেৱী, গংগা দেৱী, মৌচুমী ডেকা, গৰিমা ডেকা, দুলুমণি শইকীয়া, জ্যোতি ডেকা, ৰজি ডেকা, শিশু-কবি কুমকুম কুঁৱলী বৰুৱা, কৃষ্টিবন ডেকা, তনুশ্ৰী ডেকা, হৰ্ষৰাজ ডেকা, হিমঘ্ন বৰা, বৰ্ণিলপ্ৰিয়ম ডেকা, পৰাণবন্তি ডেকা আৰু সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। কাব্য মন্ত্ৰ পাঠেৰে সামৰণি পৰা অনুষ্ঠানটিত গীত পৰিৱেশন কৰে প্ৰহ্লাদ লাহন, কৃষ্টিবন ডেকা, হৰ্ষৰাজ ডেকা, তনুশ্ৰী ডেকাই।