সাংসদ দিলীপ শইকীয়াৰ জন্ম গাওঁত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসুচী , মৰোৱা কমলপুৰ পথ অতি সোনকালে মেৰামতি আৰু দলং নিৰ্মাণ কৰাৰ দাবীত বাহাৰঘাট আছুৰ বিক্ষোভ
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১৭ জুলাই : নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্ণদৈচপৰা গাওঁৰ মৰোৱা-কমলপুৰ সংযোগী পথছোৱাৰ কালভাৰ্টো বৰলীয়া নদীৰ প্ৰৱল সোতে উতুৱাই নিয়াৰ ফলত নলবাৰী-কামৰূপ জিলাৰ যোগাযোগ ব্যাহত হৈ পৰে । বৰ্তমানে এখন বাঁহেৰে সজা সাকোঁ স্হানীয় ৰাইজে নিৰ্মাণ কৰাত অতি বিপদসংকুল ভাবে ৰাইজে অহাযোৱা কৰিছে যদিও দুই চকীয়া, চাৰিচকীয়া বাহন অহা যোৱা কৰিব পৰা নাই।পথটো অতি সোনকালে মেৰামতি কৰাৰ লগতে দলং নিৰ্মাণ কৰাৰ দাবীত আজি বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই স্হানীয় ৰাইজৰ সহযোগত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত হোৱা কাৰ্য্যসূচীটোত জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰিত্তিক আলী, বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱা, সাধাৰণ সম্পাদক মইনুল হ’ক, উপদেষ্টা জেহৰুল ইছলাম, শিক্ষা সম্পাদক জাহিৰ হুছেইন, সহঃ সাধাৰণ সম্পাদক বিতোপন শৰ্মা, অংগৰাগ দাসকে প্ৰমুখ্য কৰি অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাই দাবী জনাই যে বানপানী হৈ যোৱাৰ প্ৰায় এমাহে হ’ব কিন্তু সাংসদ দিলীপ শইকীয়াৰ জন্মগাঁওত আজি পৰ্যন্ত ৰাইজে জীয়াতু ভোগা যি জ্বলন্ত ছবি তাক দেখি আমি সচাঁকৈয়ে দুখ পাইছো। স্থানীয় ৰাইজৰ সহযোগত বিক্ষোভ প্ৰদৰ্শণ কৰি আমি সকীয়াই দিছোঁ যদিহে অনতিপলমে সমস্যাৰ সমাধান নহয় তেনেহলে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম বুলিও ছাত্ৰ নেতা গৰাকীয়ে উল্লেখ কৰে।