সাউদৰভিঠাত খ্বৌলা বিজনী আঞ্চলিক এবছুৰ ৮০ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

25
সাউদৰভিঠাত খ্বৌলা বিজনী আঞ্চলিক এবছুৰ ৮০ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
সঞ্জীৱ দাস, ভৱানীপুৰ, ১ আগষ্ট : এবছুৰ খ্বৌলা বিজনী আঞ্চলিক সমিতিৰ উদ্যেগত আজি শালবাৰীৰ নিকটবৰ্তী সাউদৰভিঠাৰ সিব্ৰাই বাথৌ আশ্ৰম প্ৰেক্ষাগৃহত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। এবছুৰ খ্বৌলা বিজনী আঞ্চলিক সমিতিৰ সভাপতি জয়চৰণ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা জ্ঞাপনৰ সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এবছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰীয়ে উদ্বোধন কৰা সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দিগন্ত নাৰ্জাৰীয়ে মুখ্য অতিথিৰূপে, এবছুৰ কেন্দ্ৰীয় সহকাৰী শিক্ষা সম্পাদক ৰোমিঅ’ কুমাৰ বসুমতাৰীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়াৰ লগতে শালবাৰী মহকুমা জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ বিউটি বসুমতাৰী,এবছু নেতা ক্ৰমে – মণিৰাম বৰগয়াৰী, কুমুদ বড়ো, ৰঞ্জিত স্বৰ্গীয়াৰী, সমাজকৰ্মী উপেন বসুমতাৰী,পুৱাৰাম মুছাহাৰী,উদাংশ্ৰী ফৰাইশালিৰ প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। সম্বৰ্ধনা সভাৰ আত ধৰে এবছুৰ খ্বৌলা বিজনী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নৱজিৎ গয়াৰী আৰু শিক্ষা সম্পাদক নিজৌম বসুমতাৰীয়ে। উল্লেখ্য যে, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শালবাৰীৰ বৃহত্তৰ খ্বৌলা বিজনী এলেকাৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ মুঠ ৮০ গৰাকী শিক্ষাৰ্থীক মানপত্ৰ,আৰোণাই আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে এবছুৰ খ্বৌলা বিজনী আঞ্চলিক সমিতিয়ে। সম্বৰ্ধনা সভাৰ আৰম্ভণিতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী পুৱাৰাম মুছাহাৰীয়ে।