সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ প্ৰশিক্ষণ বৰ্গৰ সামৰণি

30

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ প্ৰশিক্ষণ বৰ্গৰ সামৰণি

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১ আগষ্ট : উত্তৰ গুৱাহাটীস্থিত যোগ নিলয়মত ১ জুলাইৰ পৰা ৩১ জুলাইলৈ সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ দ্বাৰা আৰু যোগ বিদ্যা গুৰুকুল নাচিকৰ দ্বাৰা অনুমোদিত যোগ শিক্ষক প্ৰমাণ পত্ৰ আৰু পদবী বৰ্গৰ চূড়ান্ত পৰীক্ষা সমূহ সুকলমে অনুষ্ঠিত হৈ যায়। প্ৰান্তঃ যোগ প্ৰমুখ অৰুপ জ্যোতি দাসে আঁতধৰা কালি ৰবিবাৰে সামৰণি পৰা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ প্ৰচাৰক ভাস্কৰ কুলকাৰ্ণিয়ে । মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাৰ্গ দৰ্শন প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সভাপতি ৰমেন শৰ্মা , বিশিষ্ট অতিথি হিচাপে চিকিৎসক তথা ৰাষ্ট্ৰীয় সেৱিকা সমিতি অসম প্ৰান্তৰ সহঃ সঞ্চালিকা ডাঃ পুণি দেৱী আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ অসম ক্ষেত্ৰ যোগ প্ৰমুখ যোগাচাৰ্য হিমাদ্ৰী পুৰকায়স্হই। কালিৰ এই অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰে যোগ শিক্ষয়িত্ৰী জুনু বৰাই। বৰ্গৰ প্ৰতিবেদন পাঠ কৰে যোগ প্ৰশিক্ষণ বৰ্গৰ প্ৰশিক্ষণ প্ৰমুখ ভৱেশ্বৰ গোস্বামীয়ে  লগতে যোগ প্ৰশিক্ষণ বৰ্গটিত শিক্ষক হিচাপে উপস্থিত থাকে  অসমৰ ১২ খন জিলাৰ পৰা অহা যোগ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে- যোগাচাৰ্য হিমাদ্ৰী পুৰকায়স্হ , ৰুবুল মিশ্ৰ,  শেষৰ হালদাৰ (বৰ্গ ব্যবস্থা প্ৰমুখ), নিবেদিতা বৰা, ডাঃ বৈষ্ণৱ কোচ, অপৰাজিতা গগৈ, ভুৱন কছাৰী, প্ৰাপ্তী হাজৰিকা, নয়নমণি বৰচেতিয়া, সৰস্বতী চেত্ৰী, ৰামচৰণ ডেকা, পৰশমণি বৰা, জয়ন্ত জিৎ শইকীয়া, খনিন্দ্ৰ নাথ, অভিজিত নাথ, সেৱিকা পেগু, সঞ্জীৱ দাস আদিয়ে । অসমৰ মুঠ ১৮ খন জিলাৰ পৰা ৬ গৰাকী পুৰুষ আৰু ২৬ গৰাকী মহিলাই অংশগ্ৰহণ কৰে এই কাৰ্য্যসূচীত । এই প্ৰশিক্ষণ বৰ্গত উৰ্ত্তীণ শিক্ষাৰ্থী সকলক যোগ বিদ্যা গুৰুকুল নাচিকৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে , সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগে বহু বছৰ ধৰি অসমত যোগ শিক্ষা প্ৰদান কৰি অহাৰ লগতে এই  মুল মন্ত্ৰটি আগত লৈ সুস্থ ব্যক্তি, সুস্থ পৰিয়াল যোগ ৰূপী গংগা প্ৰতিখন ঘৰে ঘৰে লৈ যোৱাৰ বাবে যোগ প্ৰচাৰ প্ৰসাৰৰ বাবে এই যোগ সেৱাৰ কাম কৰি আহিছে ।