স্বাধীনতাৰ ৭৪ বছৰ পিচতো মেৰামতি তথা নিৰ্মাণ নহল বৰভাগৰ ৰনাকুছি গাওঁৰ এটা গুৰুত্বপূৰ্ণ পথ

27
স্বাধীনতাৰ ৭৪ বছৰ পিচতো মেৰামতি তথা নিৰ্মাণ নহল বৰভাগৰ ৰনাকুছি গাওঁৰ এটা গুৰুত্বপূৰ্ণ পথ
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১ আগষ্টঃ নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছি গাওঁত স্বাধীনতাৰ ৭৪ বছৰ পিচতো মেৰামতি আৰু নিৰ্মাণ নহল এটা গুৰুত্বপূৰ্ণ পথ। এজাক বৰষুণ দিলে কদৰ্যময় হৈ পৰে অঞ্চলটোৰ মূল পথটো। যাৰ ফলত ৰনাকুছি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে । বৰভাগ উন্নয়ন খণ্ডৰ অন্তর্গত ৪৭(১) উপৰ বৰভাগ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰণাকুছি গাওঁৰ দেৱীৰ চুবুৰ পৰা গাৱবুঢ়া ঘৰলৈ আৰু দেৱৰী চুবুৰীৰ পৰা ৰণাকুছি-পাণ্ডুলা সংযোগী পথলৈ যোৱা পথচোৱাত ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাতৰ । জৰাজীৰ্ণ পথছোৱাত ইতিমধ্যে সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি , উক্ত পথছোৱা নিৰ্মাণ কৰাৰ বাবে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে গাওঁ পঞ্চায়তৰ সভাপতিক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো মেৰামতিৰ ব্যৱস্থা নহ’ল । লক্ষনীয় কথাটো হল যে , উক্ত পথ আৰু ৪৭(১) গাওঁ পঞ্চায়তৰ দূৰত্ব ১০০ মিটাৰৰ ভিতৰত । তাৰ পিছতো গাওঁ পঞ্চায়তৰ সভাপতিৰ কোনো গুৰুত্ব দিয়া দেখা নগল । সেয়হে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , ৰণাকুছি শাখা সমিতি আৰু স্হানীয় ৰাইজে শীঘ্ৰে বিভাগীয় কতৃপক্ষক পথছোৱা মেৰামতিৰ বাবে দাবী জনাইছে ।