স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে মানৱ অধিকাৰ সংস্থা অসমৰ উদ্যোগত সপ্তাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী

21
স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে মানৱ অধিকাৰ সংস্থা অসমৰ উদ্যোগত সপ্তাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী
ষ্টাফ ৰিপৰ্টাৰ , আছাদুৰ ৰহমান , ডবকা , ৪ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মানৱ অধিকাৰ সংস্থা অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত এলানি সপ্তাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ সেই উপলক্ষে আজি দিনৰ দহ বজাত ডবকা লাইফ কেয়াৰ হস্পিটাল এণ্ড ৰিচাৰ্চ চেন্টাৰৰ সন্মুখত গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ কাৰ্যসূচী অনুসৰি , সংস্থাটোৰ ৰাজ্যিক উপ সভানেত্ৰী ফাৰমিন বেগম আৰু হোজাই জিলা সমিতিৰ সভাপতি তথা স্থানীয় বিশিষ্ট সাংবাদিক ছইফ উদ্দিন লস্কৰৰ ওপৰিও সংস্থাটোৰ অন্যান্য সদস্যৰ উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয় । বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডবকা চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, সূতাৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰ সহ বহুকেইগৰাকী স্থানীয় ব্যক্তিয়ে ৷ ছইফ উদ্দিন লস্কৰে জানিবলৈ দিয়া মতে, স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ সময়ত তেওঁলোকৰ সংস্থাটিয়ে জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰিব ৷ মানৱ অধিকাৰ সংস্থা অসমৰ এই প্ৰয়াসক আদৰণি জনাইছে ডবকাৰ সচেতন নাগৰিকে ৷