Amsur Shaheed Smriti Charan Sabha and Kriti Vidyarthi Felicitation Meeting in Jaipur, Howley
হাউলীৰ জয়পুৰত আমছুৰ শ্বহীদ স্মৃতি চাৰণ সভা আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২২ জুলাইঃ আমছুৰ বীৰ শ্বহিদ স্মৃতিচাৰণ ও হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা । আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত জয়পুৰ আঞ্চলিক সমিতিৰ সহযোগত জয়পুৰত ২০১০ চনৰ ২১জুলাই তাৰিখত NRC ৰ পাইলট প্ৰজেক্টৰ শুদ্ধ ফৰ্মৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহন কৰি মৃত্যু বৰন কৰা বীৰ শ্বহিদ মাজম আলী, শিৰাজ আলী,খন্দকাৰ মোতালেফ আৰু মহিদুল ইছলামৰ স্মৃতিত স্মৃতিচাৰণ ও হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা সভা জিলা আমছুৰ সভাপতি জোব্বাৰ আলীৰ পৰুহিত্বত অনুষ্ঠিত হয়। সভাত আমচুৰ ৰাজ্জিক উপসভাপতি আবুল হুচেইন, সাধাৰন সম্পাদক দ্বয়-ইমতিয়াজ হুচেইন আৰু মিন্নাতুল হক ৰ উপৰিও আমছু ৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমানে ভাষন দিয়ে।
সভাত শ্বহীদ পৰিয়ালক বিষেষ সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱা হয়।