হাজোংবৰীস্থিত বিদ্যা ভাৰতী বহুমুখী প্ৰকল্পত আচাৰ্য প্ৰশিক্ষণ বৰ্গ সম্পন্ন

21

হাজোংবৰীস্থিত বিদ্যা ভাৰতী বহুমুখী প্ৰকল্পত আচাৰ্য প্ৰশিক্ষণ বৰ্গ সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৮ জুলাই : বিদ্যাভাৰতী বহুমুখী  প্ৰকল্প, হাজোংবৰীত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা আচাৰ্য প্ৰশিক্ষণ বৰ্গ আজি  সামৰণি পৰিছে। সামৰণি  সমাৰোহত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ  শক্তি, খনি,খনিজাত সম্পদ, জনজাতীয় পৰম্পৰা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই।  শিশু শিক্ষা সমিতি, অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত  নিৰ্দিষ্ট বক্তাৰ বক্তব্য দাঙি ধৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে। সভাৰ কাৰ্যসূচীৰ মাজতে  সভাপতি ড০ দিব্যজ্যোতি মহন্তই এখন হাতে লিখা আলোচনীৰ উন্মোচন কৰে। আজি প্ৰশিক্ষাৰ্থী আচাৰ্য-আচাৰ্যাসকলক প্ৰশিক্ষণৰ অন্তত নিজ নিজ নিকেতনলৈ উভতি গৈ সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰি অধিক উৎসাহেৰে মানৱ সম্পদ উন্নয়নত ব্ৰতী হবলৈ বক্তা সকলে আহ্বান জনোৱাৰ লগতে শুভকামনা জ্ঞাপন কৰে। সভাপতিৰ ভাষণত মহন্তই প্ৰাচীন কালৰ পৰা শিক্ষা ব্যৱস্থা, NEP 2020 আৰু UNESCO ৰ বিভিন্ন প্ৰসংগৰ উপস্থাপনৰে শিক্ষাৰ্থীৰ বিকাশৰ বাবে যত্ন কৰিলেহে দেশৰ প্ৰগতি সম্ভৱ বুলি মন্তব্য কৰে । প্ৰশিক্ষাৰ্থী সকলে হৈ যোৱা প্ৰশিক্ষণৰ পৰা বহু লাভ হোৱা বুলি অভিমত প্ৰকাশ কৰে।