হাহচৰাবড়ী নৱজ্যাতি ক্লাৱৰ আদৰনীয় পদক্ষেপ,শতাধিক কৃতি ছাত্ৰছাত্ৰী আৰু অৱসৰ প্ৰাপ্ত শিক্ষকক বিশেষ  সম্বৰ্ধনা 

    21
    হাহচৰাবড়ী নৱজ্যাতি ক্লাৱৰ আদৰনীয় পদক্ষেপ,শতাধিক কৃতি ছাত্ৰছাত্ৰী আৰু অৱসৰ প্ৰাপ্ত শিক্ষকক বিশেষ  সম্বৰ্ধনা
    দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰাঃ ১৪ জুলাইঃ গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ হাহচৰাবড়ী নৱজ্যোতি ক্লাৱ খেল পথাৰ প্ৰাঙ্গনত আজি অনুষ্টিত হৈ যায় এখনি বিশেষ  সম্বৰ্ধনা সভা।হাহচৰাবড়ী নৱজ্যোতি ক্লাৱৰ উদ্যোগত অনুষ্টিত বিশেষ সম্বৰ্ধনা সভাত অঞ্চলটোৰ শতাধিক কৃতি ছাত্ৰছাত্ৰী আৰু অৱসৰ প্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।ক্লাৱৰ প্ৰতিষ্টাপক সম্পাদক আব্দুল বাৰিক আহমেদৰ সভাপতিত্বত অনুষ্টিত হয় সভাখন।সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰ উৰ্ত্তীৰ্ণ হোৱা কৃতী ছাত্ৰছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰছাত্ৰী সকলক ফুলাম গামোছা মানপত্ৰ আৰু কিতাপৰ টোপলা আদিৰে সম্বৰ্ধনা জনাই ভৱিষ্যতত শিক্ষাৰ উচ্চ শিখৰত স্থান দখল কৰিবলৈ উৎসাহিত কৰে ৷প্ৰতি বছৰৰ দৰে এইবেলিওঁ হাহচৰাবড়ী নৱজ্যতি ক্লাৱে হাতত লোৱা এনে মহান অনুষ্টানত দুজন অৱসৰ প্ৰাপ্ত শিক্ষককো ফুলাম গামোছা,শৰাই আৰু জাপিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা সভাখনত দুধনৈ সমষ্টিৰ  বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে মুখ্য অতিথি লগতে  ৰংজুলি উন্নয়ন খণ্ডৰ খণ্ড বিষয়া সমৰেন্দ্ৰ শৰ্মাই  আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ভাষনত বিধায়কগৰাকীয়ে ক্লাৱৰ এনে কা্ৰ্যসুচীক শলাগ লোৱাৰ লগতে কৃতি ছাত্ৰছাত্ৰী সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে ৷তদুপৰি সভাত বিধায়কগৰাকীয়ে অঞ্চলটোৰ বাটপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়ে ৷সভাত আমন্ত্ৰিত অতিথিগৰাকীয়ে এনেকুৱা দুৰ্গম অঞ্চলত এনে মহান অনুষ্টান অনুষ্টিত কৰি ছাত্ৰছাত্ৰীক অধিক উৎসাহিত কৰা কাৰ্যত উদ্যোগক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।সভাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুই সহশ্ৰাধিক ৰাইজৰ লগতে উপস্থিত থাকে গন্যমান ব্যক্তি সকলে ৷